নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত সন্ধিয়া মন্ত্রী ড০ শর্মাৰ ১০ কিলোমিটাৰজোৰা বিশাল পদযাত্রা

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ  বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যোৰহাটত বৃদ্ধি পাইছে নির্বাচনী উত্তাপ৷ আজি সেই উত্তাপ অধিক বৃদ্ধি কৰিলে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড০ হিমন্ত বিশ্ব শর্মাই যোৰহাট নগৰত উলিওৱা এই বিশাল পদযাত্রাই৷ সন্ধিয়া ছয় বজাত নগৰৰ তৰাজান পূজা মন্দিৰৰ পৰা উলিওৱা পদযাত্রা চোলাধৰা নেহৰু পার্ক, এ টি ৰোড–গডআলি–জে পি আৰ–চেম্বাৰ ৰোড হৈ পুনৰ এ টি ৰোডত উঠেহি৷ প্রায় ১০ কিলোমিটাৰ পদযাত্রাত মিত্রজোঁটৰ প্রার্থী হিতেন্দ্র নাথ গোস্বামী, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাসহ পাঁচ সহস্রাধিক সমর্থকে অংশগ্রহণ কৰে৷ পদযাত্রাৰ অন্তত নিজে লিখা কবিতাৰে তেওঁ ভাষণ দিয়ে এক সভাত৷ এ টি ৰোডৰ ড্রাক আস্থানত অনুষ্ঠিত জনসভাখনত ভাষণ দি ড০ শর্মাই কয়, যোৰহাট মোৰ বাবে পৱিত্র ভূমি৷ যোৰহাটত জন্ম৷ পৱিত্র ভূমি যোৰহাটত হ’বলগীয়া এই নির্বাচন ৰাণা গোস্বামী আৰু হিতেন্দ্র নাথ গোস্বামীৰ মাজত হোৱা নাই৷ এ

ই নির্বাচন হৈছে অসমীয়া আৰু মোগলৰ মাজত৷ আপোনালোকে কাৰ পক্ষত আছে সেই কথা নিজেই চিন্তা কৰক বুলি আহ্বান জনাই ৰাণা গোস্বামী আৰু বদৰুদ্দিন আজমলক ৰামসিংহ আৰু ঔৰংগজেব বুলি আখ্যা দিয়ে৷ অসমীয়া জাতিয়ে কেতিয়াও বদৰুদ্দিন আজমলৰ ওচৰত আঁঠু নলয় বুলি মন্তব্য কৰি তেওঁ কয়, ৰাণা গোস্বামীক ভোট দিয়া মানেই বদৰুদ্দিন আজমলক দিছপুৰলৈ ওচৰ চপাই অনা৷ এবাৰ যদি আজমল অসমীয়াৰ বৰঘৰত সোমায়, তেন্তে আমি কোনো ৰক্ষা নপৰিম৷ আজমল বৰঘৰত সোমালে কাজিৰঙাৰ বিননি আকৌ শুনিব লাগিব৷ বটদ্রৱা ৰক্ষা নপৰিব৷ এটা সময় আছিল কংগ্রেছৰ তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈছিল৷ তেতিয়া অসমীয়া ৰাইজে তৰুণ গগৈক ভাল পাইছিল আৰু ভোট দিছিল৷ কিন্তু এতিয়া সেই কংগ্রেছে আজমলৰ ওচৰত আত্মসমর্পণ কৰিছে৷ সেই কংগ্রেছক কোনো কাৰণতে অসমীয়া ৰাইজে গ্রহণ নকৰে৷ যোৰহাটবাসীক হিতেন গোস্বামীৰ পক্ষত ভোট দিবলৈ আহ্বান জনাই ড০ শর্মাই ৰাজ্যবাসীৰ বাবে পাঁচটা প্রতিশ্রুতি প্রদান কৰে৷ ইপিনে, প্রার্থী হিতেন গোস্বামীয়ে উন্নয়নৰ স্বার্থত যোৰহাটৰ ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায়৷ বিগত পাঁচটা বছৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অনুকম্পাত উল্লেখনীয় উন্নয়ন হোৱা বুলিও উল্লেখ কৰে হিতন্দ্র নাথ গোস্বামীয়ে৷

You might also like