অষ্ট্রেলিয়ান অ’পেনৰ ছেমিত ছেৰেনা, জক’ভিচ: বাহিৰ হালেপ
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ প্রাক্তন চেম্পিয়ন আমেৰিকাৰ ছেৰেনা উইলিয়ামছে চলিত অষ্ট্রেলিয়ান অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে৷ কোৱার্টাৰ ফাইনেল মেচ এখনত দশম বাছনিপ্রাপ্ত ৩৯ বছৰীয়া ছেৰেনাই দ্বিতীয় বাছনিপ্রাপ্ত ৰোমানিয়াৰ ছিমনা হালেপক পোনপটীয়াকৈ ৬–৩, ৬–৩ ছেটত পৰাস্ত কৰে৷ ইফালে, তৃতীয় বাছনিৰ জাপানৰ নাওমি অ’ছাকায়ো ছেমিত প্রৱেশ কৰিছে৷ কোৱার্টাৰ ফাইনেলত অ’ছাকাই হি শ্বু ৱেইক পোনপটীয়াকৈ ৬–২, ৬–২ ছেটত পৰাস্ত কৰে৷
আনহাতে পুৰুষ শাখাৰ ছিংগলছৰ অন্তিম চাৰিত স্থান নিগাজি কৰিছে ডিফেণ্ডিং চেম্পিয়ন তথা শীর্ষ বাছনিৰ ন’ভাক জক’ভিচৰ লগতে ৰাছিয়াৰ কোৱালিফায়াৰ আচলান কাৰাটছেভে৷ কোৱার্টাৰত জক’ভিচে ষষ্ঠ বাছনিৰ আলেকজেণ্ডাৰ জেৰেভক ৬–৭ (৬–৮), ৬–২, ৬–৪, ৭–৬ (৮–৬) আৰু কাৰাটছেভে অষ্টাদশ বাছনিৰ গ্রিগ’ৰ ডিমিট্র’ভক পৰাস্ত কৰে৷