নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত ৩১৭ ৰানত জয়লাভ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত বৃহৎ জয়েৰে শক্তিশালী প্রত্যাৱর্তন ঘটাইছে টীম ইণ্ডিয়াই৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ আজি চতুর্থ দিনা বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে ৩১৭ ৰানৰ বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ৪৮২ ৰানৰ অসম্ভৱ যেন লগা লক্ষ্যৰ পিছ লৈ ইংলেণ্ডে আজি ১৬৪ ৰানতে দ্বিতীয় ইনিংছ সামৰে৷ কালি ৫৩ ৰানত তিনিটা উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ ক্ষণ গণা আলহী দলটোৱে ভাৰতীয় স্পিন ত্রিমূর্তিৰ সন্মুখত দিশহাৰা হৈ আজিৰ দিনটোত মাত্র ১১১ ৰানহে যোগ দিবলৈ সক্ষম হয়৷ ৰবিচন্দ্রন অশ্বিন, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱেৰে গঠিত ভাৰতীয় স্পিন বিভাগে চমকপ্রদ বলিঙেৰে মাত্র ৩৫.২ অ’ভাৰতে ইংলেণ্ডৰ অন্তিম সাতটা উইকেট দখল কৰে৷

টেষ্ট অভিষেক ঘটা বাঁওহতীয়া স্পিনাৰ অক্ষৰে ৬০ ৰানত পাঁচটা, অশ্বিনে ৫৩ ৰানত তিনিটা আৰু কুলদীপে ২৫ ৰানত দুটা উইকেট দখল কৰে৷ অলৰাউণ্ডাৰ মঈন আলীয়ে আক্রমণাত্মক বেটিঙেৰে দলটোৰ হৈ সর্বাধিক ৪৩ ৰানৰ অৱদান আগবঢ়ায়৷ তেওঁ মাত্র ১৮টা বলত তিনিটা বাউণ্ডেৰী আৰু ৫টা অ’ভাৰ বাউণ্ডেৰীৰে ইনিংছটো সজায়৷ মঈনে ষ্টুৱার্ট ব্রডৰ সৈতে অন্তিম উইকেটত ৩৮ ৰান যোগ দিয়ে৷ আলহী দলটোৰ দ্বিতীয় ইনিংছৰ এইটোৱেই আছিল সর্বাধিক ৰান কৰা যুটি৷ অধিনায়ক জ’ ৰুটে ৩৩, ডান লৰেন্সে ২৬ আৰু ৰ’ৰি বার্নছে ২৫ ৰান কৰাৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে অধিক সময় ক্রিজত থাকিব নোৱাৰিলে৷ অধিনায়ক ৰুট আৰু বেন ষ্ট’কছে ইংলেণ্ডৰ ইনিংছ গঢ়াৰ চেষ্টা চলাই কিছু সময় সফল হৈছিল যদিও অশ্বিনে বেন ষ্ট’কছক আউট কৰি ভাৰতৰ জয় সহজ কৰি তোলে৷ পঞ্চম উইকেটত বেটছমেনদ্বয়ে ২৪ ৰান যোগ দিয়ে৷

ইয়াৰ বাহিৰে ইংলেণ্ডৰ কোনো বেটছমেনে দীঘলীয়া যুটি গঢ়িব নোৱাৰিলে৷ মেচখনত মুঠ আঠটা উইকেট দখলৰ লগতে প্রথম ইনিংছত মূল্যৱান শতক অর্জন কৰা অলৰাউণ্ডাৰ অশ্বিনক মেন অৱ দ্য মেচৰ বঁটা আগবঢ়োৱা হয়৷ ইফালে, এই বৃহৎ জয়েৰে টীম ইণ্ডিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ আশা পুনৰ এবাৰ সজীৱ কৰি তুলিছে৷ আই চি চিয়ে আজি প্রকাশ কৰা তালিকাত টীম ইণ্ডিয়া দ্বিতীয় স্থানলৈ উন্নীত হৈছে৷ এই মুহূর্তত ভাৰতে ৬৯.৭ শতাংশ পইণ্টেৰে নিউজিলেণ্ডৰ পিছতে দ্বিতীয়ত স্থান লাভ কৰিছে৷ শৃংখলাৰ আৰু এখন মেচত জয়ী হ’লে বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে চলিত বর্ষৰ জুনত লর্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ সুযোগ পাব৷ উল্লেখ্য যে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামতে অনুষ্ঠিত প্রথম টেষ্টত ইংলেণ্ডৰ হাতত ভাৰত বিধ্বস্ত হৈছিল৷ অহা ২৪ ফেব্রুৱাৰীৰ পৰা দুয়োটা দলে আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত তৃতীয় টেষ্ট খেলিব৷

You might also like