নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ বিপক্ষে টি–২০ শৃংখলা দখল নিউজিলেণ্ডৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: ঘৰুৱা দল নিউজিলেণ্ডে অষ্ট্রেলিয়াৰ বিপক্ষে খেলা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো ৩–২ৰ ব্যৱধানত দখল কৰিছে৷ আজি অনুষ্ঠিত পঞ্চম তথা নির্ণায়ক মেচখনত নিউজিলেণ্ডে অষ্ট্রেলিয়াক ৭ উইকেটত পৰাস্ত কৰে৷ প্রথমে বেটিং কৰি মেথিউ ৱেডেৰ ৪৪ আৰু অধিনায়ক ফিনছৰ ৩৬ ৰানৰ সহায়ত অষ্ট্রেলিয়াই নির্ধাৰিত ২০ অ’ভাৰত ৮ উইকেটত ১৪২ ৰান কৰে৷ প্রত্যুত্তৰত মার্টিন গুপ্ঢিলৰ বিস্ফোৰক ৭১ ৰানৰ সহায়ত নিউজিলেণ্ডে ১৫.৩ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই বিজয়ৰ লক্ষ্যত উপনীত হয়৷ গুপ্ঢিলৰ ৪৪টা বলৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু চাৰিটা ছয়৷

You might also like