নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই’চিৰ সিদ্ধান্তক সঠিক আখ্যা হিমাৰ

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ক’ভিড–১৯ৰ ভয়াৱহতাৰ বাবে এবছৰলৈ টকি’ অলিম্পিক আন্তর্জাতিক অলিম্পিক কমিটীয়ে এবছৰলৈ পিছুৱাই দিয়া সিদ্ধান্তক সঠিক আখ্যা দিলে ধিং এক্সপ্রেছ হিমা দাসে৷ এথলীটসকলৰ স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষাৰ প্রতি অধিক গুৰুত্ব দিয়াৰ বাবে আই অ’ চিক প্রশংসা কৰি অসমকন্যা হিমা দাসে কয় যে ক’ৰোনাৰ আতংকৰ বাবে মোৰ লগতে আন এথলীটসকলে অতিকমেও আঢ়ৈ মাহ ধৰি ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ ইয়াৰ ফলত এথলীটসকলে নিজৰ ছন্দ ঘূৰাই পোৱাৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ আমাৰ সন্মুখত অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপকে ধৰি বহুকেইখন আগশাৰীৰ প্রতিযোগিতা আছে৷ গতিকে প্রতিযোগিতাকেইখনৰ বাবে এতিয়াৰ পৰাই আমি পূর্ণ প্রস্তুতি চলাব লাগিব৷ ২০২১ চনত হ’বলগীয়া টকি’ অলিম্পিকখনলৈ যোগ্যতা অর্জন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে অসমকন্যা হিমা দাসে৷

You might also like