নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পঞ্চম প্রিমিয়াৰ বেডমিণ্টন লীগ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ বিশ্ব বেডমিণ্টনৰ শ্রেষ্ঠ পেছাদাৰী লীগৰূপে প্রতিষ্ঠিত প্রিমিয়াৰ বেডমিণ্টন লীগ (পি বি এল)ৰ পঞ্চম সংস্কৰণ আজিৰে পৰা চেন্নাইত আৰম্ভ হ’ব৷ চেন্নাইৰ লগতে লক্ষ্ণৌ আৰু হায়দৰাবাদতো প্রতিযোগিতাখনৰ মেচ অনুষ্ঠিত হ’ব৷

৭টা দলে অংশ লোৱা লীগৰ মুঠ মেচৰ সংখ্যা হ’ল ২৪৷ ভাৰতীয় বেডমিণ্টন সংস্থাই স্প’টছ লাইভৰ সহযোগত আয়োজন কৰা প্রতিযোগিতাখনৰ জৰিয়তে অনাগত ২১ দিনত বিশ্ব বেডমিণ্টনৰ তাৰকাৰ সমাৱেশ ঘটিব ভাৰতত৷ পঞ্চম পি বি এল উদ্বোধনী মেচখনত আজি মুখামুখি হ’ব পূর্বৰ দুই চেম্পিয়ন হায়দৰাবাদ হাণ্টার্ছ আৰু চেন্নাই ছুপাৰ ষ্টার্ছ৷

এই উদ্বোধনী মেচত মুখামুখি হ’ব ভাৰতৰ পি ভি সিন্ধু আৰু স্কটলেণ্ডৰ ক্রিষ্টি গিলমৌড়৷ যুঁজ হ’ব লক্ষ্য সেন–সৌৰভ বার্মাৰ৷

You might also like