আজিৰ দিনটোতেই অনিল কুম্বলেই দখল কৰিছিল ১০টা উইকেট
নিয়মীয়া বাৰ্তা ৭ ফেব্ৰুৱাৰীঃ ক্ৰিকেট ইতিহাসত আজি দিনটো স্মৰণীয়। ভাৰতৰ কিংবদন্তী বলাৰ অনিল কুম্বলেই ২১ বৰ্ষৰ আগতে আজিৰ দিনটোই অৰ্থাৎ ৭ ফেব্ৰুৱাৰী ১৯৯৯ চনত দিল্লীৰ ফিৰোজ স্বাহ কোটলাত পাকিস্তানৰ বিৰোধে অনুষ্ঠিত হোৱা টেষ্ট মেচত এটা ইংনিছত ১০টা উইকেট দখল কৰি ইতিহাস ৰচনা কৰিছিল। এই ঐতিহাসিক টেষ্ট শৃংখলাত ভাৰতে প্ৰথম খন মেচত ১২ ৰাণত পৰাজয় স্বীকাৰ কৰিছিল।
দিল্লীত অনুষ্ঠিত হোৱা দ্বিতীয় খন টেষ্টত ভাৰতে পাকিস্তানক ৪২০ ৰাণৰ লক্ষ্য দিছিল। কিন্তু কুম্বেলৰ দুৰ্দান্ত বলিঙৰ য’ত এটা ইংনিছত ১০ টা উইকেট দখল কৰিছিল লগতে সেই টেষ্ট মেচত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। লগতে ভাৰতীয় বলাৰ হিচাপে ক্ৰিকেট ইতিহাসত বিৰল অভিলেখ স্থাপন কৰিবলৈ সক্ষম হল অনিল কুম্বলে।
অনিল কুম্বেল ১৩২ খন টেষ্টত ৬১৯ উইকেট দখল কৰিবলৈ সক্ষম হৈছে, যত ৩৫ বাৰ এটা ইংনিছত ৫ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।