নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নৰ্থ ইষ্ট-কেৰালা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত আই এছ এলত আজি কেৰালা ব্লাষ্টার্ছ এফ চিৰ মুখামুখি হ’ব৷ অন্তিম দুখন মেচত ক্রমাগত পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখন নর্থ ইষ্ট ইউনাইটেডৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ কিয়নো দলটোৱে শেহতীয়া চাৰিখন মেচত জয়ৰ মুখ দেখা নাই।

You might also like