নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰ টেষ্টত চালকৰ আসনত ভাৰত

ভাৰতৰ স্পীন বলাৰ অশ্বিণৰ ঘৰৰ মাটিত ২৫০ টা উইকেট দখল

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেটৰ প্ৰথমটো দিনত বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰিছে। দিনটোৰ অন্তলৈকে ভাৰতীয় দলটোৱে নিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছে। অপেনাৰ বেটচমেন ৰোহিত শৰ্মাই কেৱল ৬ ৰাণ সংগ্ৰহ কৰি পেভিলিয়ন মুখী হয়।
উল্লেখ্য যে টছত বাংলাদেশে জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লয় যদিও, ভাৰতীয় পেচ বলাৰ উমেশ যাদৱ আৰু ইশ্বান্ত শৰ্মাৰ বলিঙত দিশহাৰা হৈ ১২ ৰাণৰ ভিতৰত আলহী দলটোৰ দুই অপেনাৰ পেভিলিয়ন মুখী হয়। ইয়াৰ পিছত আৰু দলটোৰ বেটিং খহনীয়া অব্যাহত থাকে। মাত্ৰ ১৫০ ৰাণৰ ভিতৰতে আলহী দলটোৱে নিজৰ আটাইকেইটা উইকেট হেৰুৱাই ।
ভাৰতৰ স্পীন বলাৰ অশ্বিণে ঘৰৰ মাটিত ২৫০ টা উইকেট দখল কৰি শ্ৰীলংকাৰ বলাৰ মুথিয়া মূৰলীধৰণৰ অভিলেখৰ সমকক্ষ হয়। দুয়োজন স্পীনাৰে ৪২ খন টেষ্ট মেচত এই অভিলেখ অৰ্জন কৰে।

You might also like