এদিনীয়াৰ ব্যর্থতা পাহৰি টেষ্ট শৃংখলালৈ সাজু টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অপ্রত্যাশিত ব্যর্থতা পাহৰি টীম ইণ্ডিয়া এতিয়া সাজু হৈছে দুখন মেচৰ টেষ্ট শৃংখলালৈ৷ আজিৰে পৰা দলটোৱে হেমিল্টনত নিউজিলেণ্ড একাদশৰ বিৰুদ্ধে খেলিব তিনিদিনীয়া প্রস্তুতি মেচ৷ এই মেচখনত ভাৰতে অহা ২১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলালৈ উপযুক্ত অ’পেনিং আৰু স্পীন যুটি বাছনি কৰাৰ সুযোগ লাভ কৰিব৷
উল্লেখ্য যে ৰোহিত শর্মাৰ অনুপস্থিতিত ভাৰতীয় টেষ্ট দলৰ অ’পেনিঙৰ এটা স্থান খালী হৈ আছে আৰু এই স্থানৰ বাবে দুই উদীয়মান তাৰকা শুভমন গীল আৰু পৃথ্বী শ্বৰ মাজত যুঁজ চলিব৷ প্রস্তুতি মেচত সুন্দৰ প্রদর্শনেৰে শুভমন আৰু পৃথ্বীয়ে অধিনায়ক বিৰাট কোহলি, প্রশিক্ষক ৰবি শাস্ত্রী আৰু দলীয় মেনেজমেণ্টৰ মন জয় কৰাৰ সুৱর্ণ সুযোগ লাভ কৰিব৷ একেদৰে স্পীন বিভাগত তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ স্থান ভাৰতৰ মূল একাদশত এতিয়াও নিশ্চিত নোহোৱাত প্রস্তুতি মেচখন তেওঁৰ বাবে গুৰুত্বপূর্ণ হৈ পৰিছে৷ এদিনীয়া আৰু টি–২০ শৃংখলাত সময়োপযোগী বলিং আৰু বেটিঙেৰে উজলি উঠা ৰবীন্দ্র জাদেজাৰ স্থানত ভাৰতীয় টেষ্ট দলটোৰ মূল একাদশত সুযোগ লাভ কৰিবলৈ অশ্বিনে প্রস্তুতি মেচত চমকপ্রদ বলিং কৰিব লাগিব৷
উল্লেখ্য যে ৰবিচন্দ্রন অশ্বিন, শ্বেটেশ্বৰ পূজাৰা, আজিংক্য ৰাহানে, ঋদ্ধিমান সাহা আৰু হনুমা বিহাৰীৰ দৰে টেষ্ট বিশেষজ্ঞসকলে যোৱা প্রায় দুমাহ ধৰি ভাৰতীয় ‘এ’ দলৰ হৈ নিউজিলেণ্ডতে আছে৷ নিউজিলেণ্ড ‘এ’ দলৰ বিৰুদ্ধে খেলা শৃংখলাৰ অভিজ্ঞতাৰে তেওঁলোক এতিয়া টেষ্ট শৃংখলালৈ পূর্ণ্যোদমে সাজু হৈ উঠিছে৷