নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটকত আজি নির্ণায়ক এদিনীয়াঃ ক্রমাগত দশম শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ

নিউজডেস্ক, ২২ ডিচেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি কটকত অনুষ্ঠিত হ’ব৷

ইতিমধ্যে হৈ যোৱা প্রথম দুখন মেচত দুয়োটা দলে এখনকৈ মেচত জয়লাভ কৰি শৃংখলাটো ১–১ত সমতা স্থাপন কৰাত এই মেচখনে বিশেষ তাৎপর্য বহন কৰিছে৷

নর্ণায়ক এদিনীয়াৰ পূর্বে প্রশিক্ষক ৰবি শাস্ত্রীৰে ৰণনীতি তৈয়াৰত ব্যস্ত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, কটকত শনিবাৰে

দ্বিতীয়খন মেচত দুর্দান্ত বেটিং–বলিং প্রদর্শনেৰে বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই আজিৰ নির্ণায়ক মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটো দখলৰ লক্ষ্য লৈছে৷

অৱশ্যে শক্তিশালী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচখনত বিজয় সাব্যস্ত কৰাটো কঠিন হ’ব ভাৰতীয় দলটোৰ৷

আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি চলিত বর্ষটো সফলতাৰে সামৰাৰ লক্ষ্য লোৱা বিৰাট কোহলি বাহিনীয়ে পূর্ণ শক্তিৰে মেচখনত অৱতীর্ণ হ’ব৷ ইফালে, এই নির্ণায়ক মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ক্রমাগত দশমটো এদিনীয়া শৃংখলা জয়ৰ গৌৰৱ অর্জন কৰিবলৈ সক্ষম হ’ব৷

 খেলৰ সময়ঃ দুপৰীয়া ১.৩০ বজা

You might also like