কাটাৰত অন্তিমবাৰ বিশ্বকাপ খেলিব মেছিয়ে
নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ কেৰিয়াৰৰ বিয়লি বেলাত উপনীত হৈছে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ লি’নেল মেছি৷ কাটাৰ বিশ্বকাপৰ পিছত তেওঁক পুনৰ কোনো বিশ্বকাপত দেখা পোৱা নাযাব৷ আর্জেণ্টিনাৰ এগৰাকী সাংবাদিকক দিয়া সাক্ষাৎকাৰত এই কথা জানিবলৈ দিছে ৩৫ বছৰীয়া মেছিয়ে৷ সাংবাদিক ছেবাষ্টিয়ান ভিগন’লোকে লোৱা সাক্ষাৎকাৰত তাৰকা ফুটবলাৰগৰাকীয়ে কয়, ‘সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ এইখনেই মোৰ শেষ বিশ্বকাপ৷ মই বিশ্বকাপ কেতিয়া আৰম্ভ হ’ব তাৰ ক্ষণ গণিছোঁ৷ সঁচা কথা ক’বলৈ গ’লে মই কিছু পৰিমাণে উত্তেজিত হৈ আছোঁ৷ এইখনেই মোৰ শেষ বিশ্বকাপ৷ ইপিনে, মই যিদৰে বিশ্বকাপত নমাৰ বাবে উদগ্রীৱ হৈ আছোঁ, তেনেদৰে প্রতিযোগিতাখনত যাতে ভাল খেলিব পাৰোঁ, তাৰ বাবেও লক্ষ্য বান্ধি লৈছোঁ৷’ উল্লেখ্য যে মেছিৰ আর্জেণ্টিনা দলটো একেৰাহে ৩৫খন মেচত অপৰাজিত হৈ আছে৷ ২০১৯ চনৰ পৰা এখন মেচতো পৰাজিত হোৱা নাই মেছিৰ দল৷ এই দলটোক লৈ আশাবাদী মেছি৷ তেওঁ কয় ‘আমাৰ দলটো যথেষ্ট শক্তিশালী৷ আমি অতি সুন্দৰ ছন্দত আছোঁ৷ অৱশ্যে বিশ্বকাপৰ মঞ্চত যিকোনো অঘটন ঘটিব পাৰে৷ প্রতিখন মেচেই অতিশয় গুৰুত্বপূর্ণ৷ বিশ্বকাপত এইটোৱে এক আনন্দৰ বিষয়৷ ইয়াত সকলো সময়তে শ্রেষ্ঠ দলবোৰ বিজয়ী নহয়৷ মই ভাবোঁ, এইবাৰৰ বিশ্বকাপত আমাতকৈও শক্তিশালী দল আছে৷’ উল্লেখ্য যে যোৱা বছৰ কোপা আমেৰিকা কাপ জয় কৰিছে মেছিৰ দলে৷ ফাইনেলত ব্রাজিলক পৰাজিত কৰিছিল আর্জেণ্টিনাই৷ অৱশ্যে বিশ্বকাপ সম্পূর্ণ অন্য এখন প্রতিযোগিতা৷ এই প্রতিযোগিতাখনত ২০১৪ চনতো ফাইনেল খেলিছিল মেছিয়ে৷ কিন্তু সেইবাৰ জার্মানীৰ হাতত পৰাজিত হৈছিল আর্জেণ্টিনা৷ সেই ফলাফল সলনি কৰিব বিচাৰে মেছিয়ে৷