কোহলিক শ্রেষ্ঠ বেটছমেন, অধিনায়ক আখ্যা
টীম ইণ্ডিয়াৰ অধিনায়কক ষ্টিভেন স্মিথতকৈ আগত স্থান দিলে ইয়ান চেপেলে
নিয়মীয়া বাৰ্তা ২ মেঃ অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ইয়ান চেপেলে অষ্ট্রেলিয়াৰ অন্যতম শ্রেষ্ঠ বেটছমেন ষ্টিভেন স্মিথতকৈ আগত স্থান দিছে ভাৰতৰ অধিনায়ক বিৰাট কোহলিক৷ ই এছ পি এন ক্রিক ইনফ’ৰ এক অনলাইন সাক্ষাৎকাৰত তেওঁ আজি ষ্টিভেন স্মিথ আৰু বিৰাট কোহলিৰ মাজত তুলনা কৰি ভাৰতৰ অধিনায়কগৰাকীক শ্রেষ্ঠ বেটছমেন তথা অধিনায়ক হিচাপে আখ্যা দিয়ে৷ ‘সাম্প্রতিক বিশ্ব ক্রিকেটত স্মিথ আৰু কোহলি অন্যতম শ্রেষ্ঠ বেটছমেন৷ তেওঁলোকৰ মাজত তুলনা কৰাটো যথেষ্ট প্রত্যাহ্বানজনক যদিও মই ব্যক্তিগতভাৱে কোহলিক অধিনায়ক আৰু বেটছমেন হিচাপে অধিক সফল বুলি গণ্য কৰোঁ৷’ ইয়ান চেপেলে এইদৰে কয়৷ বেটছমেন হিচাপে কোহলিয়ে যিদৰে বিশ্ব ক্রিকেটত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰি গৈছে, ঠিক একেদৰে অধিনায়ক হিচাপে তেওঁ টীম ইণ্ডিয়াক কেইবাটাও ঐতিহাসিক সাফল্যৰ সাক্ষী কৰিছে বুলিও অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে উল্লেখ কৰে৷ মন কৰিবলগীয়া যে অষ্ট্রেলিয়াৰ হৈ ৭৫খন টেষ্ট আৰু ১৬খন এদিনীয়া মেচ খেলা চেপেলক অষ্ট্রেলিয়াৰ অন্যতম সফল অধিনায়ক হিচাপে গণ্য কৰা হয়৷ তেওঁৰ নেতৃত্বত কেংগেৰু বাহিনীয়ে কেইবাটাও স্মৰণীয় বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷