নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কোহলি–ৰোহিতে ভাঙিব মোৰ অভিলেখ”-কেৰিবিয়ান কিংবদন্তি ব্রায়ান লাৰা

নিউজডেস্ক, ১৬ ডিচেম্বৰঃ টেষ্ট ক্রিকেটত সর্বাধিক ৪০০ ৰানৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা অ’পেনাৰ ৰোহিত শর্মাই ৷ এই ভৱিষ্যদ্বাণী কৰিছে টেষ্ট ক্রিকেটৰ সর্বাধিক ৪০০ ৰানৰ অভিলেখৰ গৰাকী ৱেষ্ট ইণ্ডিজৰ প্রাক্তন বেটছমেন ব্রায়ান লাৰাই ৷

নতুন দিল্লীত দেওবাৰৰ পৰা আৰম্ভ হোৱা দৃষ্টিহীন মহিলা ৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতা উদ্বোধন কৰাৰ পিছত সাংবাদিকৰ সন্মুখত লাৰাই এই কথা উল্লেখ কৰে ৷

তেওঁ কয় যে টেষ্ট ক্রিকেটৰ এটা ইনিংছত ৪০০ ৰানৰ অভিলেখ গঢ়িবলৈ দ্রুত গতিৰে ৰান সংগ্রহ কৰাটো অত্যন্ত প্রয়োজন ৷ ভাৰতৰ তাৰকা বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ দৰে আক্রমণাত্মক খেলুৱৈয়ে এদিন নিশ্চয়কৈ এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব ৷

You might also like