নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰমাগত ৭ খন টেষ্টত জয়েৰে ধোনীক অতিক্ৰম কোহলীৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ক্ৰমাগত ৭ খন টেষ্ট মেচত জয সাব্যস্ত কৰা ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে অভিলেখ ৰচিছে বিৰাট কোহলীয়ে। কলকাতাৰ ইডেন গাৰ্ডেনত দেওবাৰে সামৰণি পৰা ঐতিহাসিক দিবা-নৈশ টেষ্টত বাংলাদেশক এক ইনিংছ আৰু ৪৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় অধিনায়ক গৰাকীয়ে এই বিৰল অভিলেখৰ গৰাকী হয়। এই অভিলেখ স্থাপনৰ পথত কোহলীয়ে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰে। ধোনীয়ে দীঘলীয়া সংস্কৰণত ভাৰতক নেতৃত্ব দি ক্ৰমাগত ৬ খন মেচত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। ধোনীৰ নেতৃত্বত ভাৰতে ২০১৩ চনত একেৰাহে ৬ খন টেষ্টত জয়ৰ মুখ দেখিছিল। ইফালে, একেৰাহে চাৰিখন মেচত ইনিংছৰ ব্যৱধানত জয় সাব্যস্ত কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে টীম ইণ্ডিয়া।

মনকৰিবলগীয়া যে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাক ইনিংছ ব্যৱধানত পৰাস্ত কৰাৰ পিছত ইন্দোৰৰ প্ৰথম টেষ্টত বাংলাদেশক ইনিংছৰ ব্যৱধানত হৰুৱাই শৃংখলাত ১-০ অগ্ৰগতি লৈছিল। বাংলাদেশৰ বিৰুদ্ধে ২-০ ব্যৱধানত টেষ্ট শৃংখলা দখল কৰাৰ লগতে ইনিংছৰ ব্য়ৱধানত একেৰাহে চতুৰ্থ জয়ৰ বিশ্ব অভিলেখ স্থাপন কৰে।