ক’ৰোনাৰ বাবে স্থগিত হ’ব পাৰে’ IPL!
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ সমগ্ৰ বিশ্বতে আতংকৰ কাৰণ হৈ পৰা ক’ৰোনাৰ ভাইৰাছে এইবাৰ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ড (বিচিচিআই) কো শংকিত কৰি তুলিছে ।
বিশেষকৈ সমাগত আইপিএলক লৈ ক’ৰোনা ভাইৰাছে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে বিচিচিআইক ।
ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ড (বিচিচিআই) ৰ এক সূত্ৰ মতে সমগ্ৰ বিশ্বতে বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্ৰমণৰ বাবে আইপিএলৰ সমূহ খেল স্থগিত ৰখাৰ সম্ভৱনা প্ৰকত হৈছে । যিহেতু এতিয়াও আইপিএললৈ সময় আছে, সেইবাবে এই পৰ্যন্ত বিচিচিআইয়ে আইপিএলক লৈ কোনো সিদ্ধান্ত লোৱা নাই । ইপিনে এই সন্দৰ্ভত আলোচনা চলি থকা বুলিও জানিব পৰা গৈছে । লগতে সকলো পৰিস্থিতি পর্যবেক্ষণ কৰি সতর্কতা গ্রহণ কৰাৰ কথাও প্ৰকাশ কৰিছে সূত্ৰটোৱে।
Board of Control for Cricket in India (BCCI) Sources on if #IPL2020 will be postponed due to #CoronaVirus: There’s still time for IPL. As of now, no decision has been taken. We are monitoring the situation; we will take all the precautions. pic.twitter.com/uTES31RPnS
— ANI (@ANI) March 9, 2020