নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালী ষ্টেডিয়ামত আমেজ নাথাকিব ক্রিকেটৰ- আখতাৰ

নিয়মীয়া বাৰ্তা, ১৯ মে’: মহামাৰী ক’ৰোনা ভাইৰাছৰ পিছত খালী ষ্টেডিয়ামত ক্রিকেট আয়োজন কৰিবলৈ বিশ্বৰ অধিকাংশ দেশে পৰিকল্পনা ৰচাৰ সময়তে পাকিস্তানৰ একালৰ প্রখ্যাত বেগী বলাৰ ছোৱেইব আখতাৰে কৈছে যে দর্শকবিহীন ষ্টেডিয়ামত ক্রিকেটৰ ৰোমাঞ্চ নাথাকিব৷ ‘খালী ষ্টেডিয়ামত ক্রিকেট খেলাটো কোনোপক্ষৰ বাবে লাভজনক নহ’ব৷

ক্রিকেটাৰেও এনে পৰিৱেশত দর্শকৰ পৰা মনোবল লাভ নকৰিব আৰু ক্রিকেট ব’র্ডেও দর্শক অবিহনে মুনাফা অর্জন কৰাটো সম্ভৱ নহ’ব৷ খালী ষ্টেডিয়ামত খেলাটো কইনা নোহোৱাকৈ বিবাহ অনুষ্ঠান সম্পন্ন হোৱাৰ নিচিনা৷ আমি আশা কৰোঁ যে ক’ৰোনাৰ আতংক শীঘ্রে আঁতৰিব আৰু ষ্টেডিয়ামত দর্শকৰ উপস্থিতিত ক্রিকেটাৰে মেচ খেলিব পাৰিব৷’ আখতাৰে এইদৰে কয়৷ ছ’চিয়েল মিডিয়াত পাকিস্তানৰ একালৰ দুর্ধর্ষ বেগী বলাৰগৰাকীয়ে এইদৰে কয়৷

মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়েও কিছুদিন পূর্বে কৈছিল যে বন্ধ ষ্টেডিয়ামত ক্রিকেট খেলাটো সাম্প্রতিক পৰিস্থিতিত বাস্তৱসন্মত যদিও ইয়ে ক্রিকেটৰ প্রকৃত মাদকতা নাইকিয়া কৰিব৷

You might also like