নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলপথাৰত নামিবলৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰিছোঃ ৰোহিত শর্মা

নিয়মীয়া বাৰ্তা, ৩ মেঃ সমগ্র বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ব্যাপক প্রাদুর্ভাৱৰ বাবে সকলো ধৰণৰ ক্রীড়া ইভেণ্টেই সম্প্রতি বন্ধ হৈ আছে৷ ইয়াৰ ফলত বিশ্বৰ প্রতিগৰাকী ক্রীড়াবিদ নিজৰ ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে৷ ব্যতিক্রম নহয় টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাও৷ আক্রমণাত্মক বেটিঙৰ বাবে ক্রিকেট বিশ্বত বিশেষভাৱে সমাদৃত মুম্বাইৰ বিস্ফোৰক বেটছমেনগৰাকীয়ে বিগত প্রায় দুমাহ ধৰি মুম্বাইস্থিত এপার্টমেণ্টত পত্নী আৰু কন্যাৰ সৈতে সময় কটাবলগীয়া হৈছে৷ এই দীঘলীয়া সময়ৰ বাবে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকি একপ্রকাৰ অতিষ্ঠ হৈ পৰিছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰগৰাকী৷ অষ্ট্রেলিয়াৰ প্রাক্তন বেগী বলাৰ ব্রেট লীৰ সৈতে ছ’চিয়েল মিডিয়াত হোৱা এক বার্তালাপত ৰোহিতে আজি কয় যে তেওঁ থকা এপার্টমেণ্টটোত ইনড’ৰ ক্রিকেট খেলিব পৰাকৈ পর্যাপ্ত স্থানৰ অভাৱ৷ সেয়ে তেওঁ অধিকাংশ সময় ঘৰৰ ভিতৰতে থাকিবলগীয়া হৈছে৷ মাথোঁ মাজে–সময়ে বেলকনিলৈ ওলাই আহি কিছু সময় শাৰীৰিক কছৰতত ব্যস্ত হয়৷ ‘মুম্বাইত নিজাকৈ এটা বিলাসী এপার্টমেণ্ট ক্রয় কৰাটো অত্যন্ত ব্যয়বহুল৷ মই এতিয়া থকা এপার্টমেণ্টটো যথেষ্ট আহল–বহল নহয়৷ অৱশ্যে মই সৌভাগ্যৱান যে এপার্টমেণ্টটোত আমাৰ বাবে এটা সৰু বেলকনি আছে, য’ত মই কিছু সময় দৌৰোঁ আৰু শাৰীৰিক কছৰতত অংশ লওঁ৷’ –ৰোহিত শর্মাই এইদৰে কয়৷ নিজকে ফিট ৰাখিবলৈ তেওঁ সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তাৰকা ক্রিকেটাৰগৰাকীয়ে আশা প্রকাশ কৰে যে শীঘ্রে পৰিস্থিতি স্বাভাৱিক হ’ব আৰু পূর্বৰ দৰে তেওঁলোকে খেলপথাৰত ৰানৰ জোৱাৰ তুলিব পাৰিব৷ ‘বেটিঙৰ সময়ত বল হিট কৰাৰ আমেজেই সুকীয়া৷ ঘৰত বন্দী হৈ থকাৰ সময়ছোৱাত মই এই মুহূর্তসমূহ মিছ কৰিছোঁ৷ খেলপথাৰত নামিবলৈ আৰু দীঘলীয়া অপেক্ষা কৰিব নোৱাৰা হৈ পৰিছোঁ৷’ –ৰোহিতে এইদৰে কয়৷

You might also like