নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত দেশবাসীক জয়ৰ উপহাৰ দিলে কোহলি বাহিনীয়ে; ২-০ ৰে অগ্ৰগতি টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ প্রথম টি–২০ ত দুর্দান্ত জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি পুনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ দ্বিতীয়খন মেচত জয় লাভ কৰে । অকলেণ্ডৰ হাই স্ক’ৰিং ইডেন পার্কত অনুষ্ঠিত হোৱা এই মেচখনত ভাৰতে কে এল ৰাহুল আৰু শ্রেয়াছ আয়াৰৰ সুন্দৰ বেটিঙৰ সহায়ত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি ৫ খন টি-২০ শৃংখলাটোত ২-০ ৰে অগ্ৰগতি লাভ কৰে ।

ভাৰতৰ হৈ কে এল ৰাহুল অপৰাজিত ৫৭ আৰু শ্রেয়াছ আয়াৰ ৪৪ ৰানৰ বৰঙণি যোগায় । খেলৰ শেষত কে এল ৰাহুলক ‘মেন অৱ দ্যা মেচ’ প্ৰদান কৰা হয় ।

কে এল ৰাহুল

উল্লেখ্য যে খেলখনৰ টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্ধাৰিত অভাৰত ১৩৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে । এই লক্ষ্য আগত লৈ ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ নহওতেই মাত্ৰ ১৭.৩ অভাৰত ৩ টা উইকেট হেৰুৱাই এই লক্ষ্য অতিক্ৰম কৰি সহজ জয় সাব্যস্ত কৰে ।

 

মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়াৰ সৈতে সুন্দৰ বেটিং আগবঢ়োৱা অপেনাৰ ৰোহিত শৰ্মাই নিউজিলেণ্ডৰ বিপক্ষ্যে প্ৰথম টি-২০ ৰ পাছত আজি দ্বিতীয় টি-২০ তো বেটিঙত ব্যৰ্থ হয় ।

উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টি-২০ অহা ২৯ জানুৱাৰী বুধবাৰে অনুষ্ঠিত হ’ব ।

You might also like