ছন্দলৈ উভতিল ৰ’নাল্ডো
নিয়মীয়া বার্তা, ২৮ জুনঃ দীর্ঘদিনীয়া বিৰতিৰ মূৰত যোৱা মাহত পুনৰ আৰম্ভ হোৱা ছিৰি–এ ফুটবলত ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে স্বাভাৱিক ছন্দ হেৰুৱাইছিল যদিও যোৱানিশা দুর্দান্ত প্রদর্শনেৰে তেওঁ ফুটবলপ্রেমীৰ মন জয় কৰে৷ টুৰিনত অনুষ্ঠিত এখন মেচত তুলনামূলকভাৱে দুর্বল দল লিচিৰ বিৰুদ্ধে জুভেণ্টাছৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি তাৰকা ষ্ট্রাইকাৰগৰাকীয়ে এটা পেনাল্টী গ’ললৈ ৰূপান্তৰিত কৰাৰ লগতে সতীর্থক দুটা গ’লত সহায় কৰিবলৈ সক্ষম হয়৷ প্রথমটো অর্ধ গ’লশূন্য হৈ থকা মেচখনৰ দ্বিতীয়ার্দ্ধৰ আৰম্ভণিৰে পৰা জুভেণ্টাছে আধিপত্য বিস্তাৰ কৰে৷ ৫৩ মিনিটত পাউলো ডিবালাই দলটোক প্রথমটো অগ্রগতি দিয়ে৷
ইয়াৰ পিছতে ৬২ মিনিটত ৰ’নাল্ডোৱে এটা পেনাল্টী শ্বট দর্শনীয়ভাৱে গ’ললৈ ৰূপান্তৰিত কৰি জুভেণ্টাছৰ অগ্রগতি ২–০লৈ বৃদ্ধি কৰে৷ ৮৩ মিনিটত গঞ্জালো হিগুৱেনে দলটোৰ হৈ তৃতীয়টো গ’ল কৰিবলৈ সক্ষম হয়৷ ৮৫ মিনিটত এম ডি লাইটে জুভেণ্টাছক চতুর্থটো অগ্রগতি দিয়ে৷ ডিবালা আৰু হিগুৱেনৰ গ’ল দুটাত ৰ’নাল্ডোৱে সহযোগিতা আগবঢ়ায়৷ বিশ্বৰ অন্যতম শ্রেষ্ঠ ষ্ট্রাইকাৰ ৰ’নাল্ডোৱে মহামাৰীৰ পিছত পুনৰ আৰম্ভ হোৱা ছিৰি–এ ফুটবল লীগৰ আৰম্ভণিৰ মেচকেইখনত কেইবাটাও সুযোগ নষ্ট কৰি অনুৰাগীক আশাহত কৰিছিল৷
শেহতীয়াকৈ তেওঁ এটা পেনাাল্টীও মিছ কৰিছিল৷ কিন্তু যোৱানিশা ছুপাৰষ্টাৰগৰাকীক স্বাভাৱিক ছন্দত দেখা যায়৷ উল্লেখ্য যে মেচখনৰ ৩১ মিনিটত লিচিৰ খেলুৱৈ এফ লুচি’নি ৰঙা কার্ড পোৱাত দলটোৱে বাকী সময়ছোৱা ১০জন খেলুৱৈৰে খেলিবলগীয়া হয়৷ ইয়াৰ সুযোগ গ্রহণ কৰি তাৰকাসমৃদ্ধ জুভেণ্টাছে বৃহৎ জয়েৰে মেচখনৰ পৰা সম্পূর্ণ পইণ্ট অর্জন কৰে৷ এই জয়ৰ পিছত জুভেণ্টাছৰ মুঠ পইণ্টৰ সংখ্যা ৬৯লৈ বৃদ্ধি পাইছে৷ দলটোৱে ২৮খন মেচৰ ২২খনত জয়, ৩খনত পৰাজয় আৰু ৩খন ড্র খেলিছে৷ দ্বিতীয় স্থানত থকা লাজি’ই ৬২ পইণ্ট লাভ কৰি আছে৷