নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেডন পার্কত আজি তৃতীয় টি–২০; নিউজিলেণ্ডত ঐতিহাসিক শৃংখলা জয়ৰ লক্ষ্য টীম ইণ্ডিয়াৰ

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ অপ্রতিৰোধ্য ভাৰতে নিউজিলেণ্ডৰ মাটিত প্রথমটো টি–২০ শৃংখলা জয়ৰ লক্ষ্যৰে আজি ঘৰুৱা দলটোৰ বিৰুদ্ধে তৃতীয় টি–২০ মেচত নামিব৷ হেমিল্টনৰ ছেডন পার্কত অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাৰতে ইতিহাস ৰচাৰ সুযোগ লাভ কৰিছে৷ কিয়নো এইপর্যন্ত ভাৰতে নিউজিলেণ্ডৰ মাটিত কোনো টি–২০ শৃংখলা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

মহেন্দ্র সিং ধোনীৰ নেতৃত্বত ২০০৮–০৯ বর্ষত দলটো নিউজিলেণ্ডৰ হাতত ০–২ আৰু যোৱা বছৰ ১–২ৰ ব্যৱধানত টি–২০ শৃংখলা হেৰুৱাইছিল৷ এইবাৰ ব্যর্থতাৰ ইতিহাস সলনি কৰি বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই একেৰাহে তৃতীয়খন টি–২০ত জয় সাব্যস্ত কৰি শৃংখলা দখলৰ সুবর্ণ সুযোগ লাভ কৰিছে৷ ইয়াৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিছে কোহলি ব্রিগেড৷

প্রথম আৰু দ্বিতীয় টি–২০ত নিউজিলেণ্ডক বিধ্বস্ত কৰি শৃংখলাত ২–০ৰ অগ্রগতি অর্জন কৰা টীম ইণ্ডিয়াৰ আত্মবিশ্বাস এই মুহূর্তত তুংগত আছে৷ বিশেষকৈ লোকেশ ৰাহুল, শ্রেয়াছ আয়াৰ আৰু যশপ্রীত বুমৰাহৰ সুন্দৰ ফর্মে দলটোৰ বিশ্বাস বহুগুণে বৃদ্ধি কৰা দেখা গৈছে৷

উল্লেখ্য যে আই চি চি ৰেংকিঙৰ পঞ্চম স্থানত থকা ভাৰতে ২০১৯ৰ এদিনীয়া বিশ্বকাপৰ পিছৰ পৰা একেৰাহে পাঁচটা টি–২০ শৃংখলাত অপৰাজেয় হৈ আছে৷

ইফালে, আজিৰ মেচখনত দলত বিশেষ সালসলনি নঘটোৱাৰ ইংগিত দিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷

ইফালে, বলিঙত সম্পূর্ণৰূপে ব্যর্থ হোৱা নিউজিলেণ্ডে তৃতীয় টি–২০ত প্রত্যাৱর্তনৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ শৃংখলাত নিজকে জীয়াই ৰাখিবলৈ এই মেচখন ঘৰুৱা দলটোৰ বাবে অগ্নীপৰীক্ষাস্বৰূপ হৈ পৰিছে৷

খেলৰ সময়ঃ দুপৰীয়া ১২.৩০ বজা৷

You might also like