নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেমিত থমকিল নর্থ ইষ্ট ইউনাইটেড

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ প্রথমবাৰলৈ আই এছ এলৰ ফাইনেলত প্রৱেশৰ সপোন ধূলিসাৎ হ’ল নর্থ–ইষ্ট ইউনাইটেড এফ চিৰ৷ গোৱাৰ ফাটোৰডা ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলৰ দ্বিতীয় লেগত এ টি কে মোহন বাগানে উত্তৰ–পূর্বাঞ্চলৰ দলটোক ২–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ প্রথম লেগত মেচখন ১–১ গ’লত ড্র হৈছিল৷ আজিৰ ফলাফলেৰে মোহন বাগানে সামগ্রিকভাৱে ছেমিফাইনেলত ৩–২ গ’লৰ ব্যৱধানত জয় সাব্যস্ত কৰে৷ ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ মেচখনৰ ৩৮ মিনিটত ডেভিদ উইলিয়ামছে এটা দর্শনীয় গ’ল কৰি মোহন বাগানক প্রথমটো অগ্রগতি দিয়ে৷ প্রথমার্ধত আধিপত্য বিস্তাৰ কৰি দলটোৱে অগ্রগতি অক্ষুণ্ণ ৰাখে৷ কিন্তু দ্বিতীয়ার্ধত অধিক আক্রমণাত্মক ৰূপত দেখা যায় নর্থ–ইষ্ট ইউনাইটেডক৷

অৱশ্যে ইয়াৰ মাজত ৬৮ মিনিটত মনবীৰ সিঙে মোহন বাগানৰ অগ্রগতি ২–০লৈ বৃদ্ধি কৰে৷ দুটাকৈ গ’লত পিছ পৰিলেও আশা হেৰুওৱা নাছিল নর্থ–ইষ্টে৷ মোহন বাগানৰ শিবিৰত উপর্যুপৰি আক্রমণেৰে দলটোৱে অৱশেষত ৭৪ মিনিটত সফলতাৰ মুখ দেখে৷ ভি পি ছুহিয়াৰে গ’লটো কৰে৷ ৮১ মিনিটত নর্থ ইষ্টে মেচত সমতা স্থাপন কৰাৰ সুৱর্ণ সুযোগ লাভ কৰে যদিও পর্তুগিজ তাৰকা লুইছ মাছাড’ৱে পেনাল্টী কার্যকৰী কৰাত ব্যর্থ হয়৷ ফাইনেলত মোহন বাগানে মুম্বাইৰে খেলিব৷

You might also like