নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইত টীম ইণ্ডিয়াৰ শ্রীলংকা ভ্রমণ নিশ্চিত নহয়: ব’ৰ্ড

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ পিছত ক্রিকেট পুনৰ আৰম্ভ কৰিবলৈ প্রতিখন দেশেই এতিয়া অপেক্ষাৰে বাট চাইছে৷ প্রায় তিনি মাহ ধৰি স্তব্ধ হৈ থকা আন্তঃৰাষ্ট্রীয় ক্রিকেট পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে শ্রীলংকা ক্রিকেট ব’র্ডে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে জুলাইত এখন সীমিত অ’ভাৰ শৃংখলা খেলাৰ প্রস্তাৱেৰে বি চি চি আইলৈ পত্র প্রেৰণ কৰিছিল৷ কিন্তু খেলুৱৈৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ব’র্ডে এতিয়াই শ্রীলংকা ক্রিকেট ব’ডৰ প্রস্তাৱ গ্রহণ কৰা নাই৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই দেওবাৰে বিষয়টো স্পষ্ট কৰি কয় যে বর্তমানৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতে জুলাইৰ আৰম্ভণিতে শ্রীলংকা ভ্রমণ কৰাটো প্রায় অসম্ভৱ৷ ‘এই মুহূর্তত আমি টীম ইণ্ডিয়াৰ আগন্তুক শ্রীলংকা ভ্রমণ সন্দর্ভত একো কথা ক’ব পৰা অৱস্থাত নাই৷

যিহেতু মুম্বাই, দিল্লী আৰু বাংগালুৰুৰ দৰে স্থানত মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ এতিয়াও ব্যাপক হৈ আছে, গতিকে বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ দৰে ক্রিকেটাৰ উক্ত চহৰসমূহৰ পৰা ওলাই অহাটো সম্ভৱ নহ’ব৷ তদুপৰি আন্তঃৰাষ্ট্রীয় ভ্রমণৰ ক্ষেত্রত চৰকাৰী নিষেধাজ্ঞা এতিয়াও অব্যাহত আছে৷ সেয়ে আমি শ্রীলংকা ক্রিকেট ব’ডৰ প্রস্তাৱ গ্রহণ কৰাৰ পূর্বে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব৷’ ব’ডৰ সূত্রটোৱে এইদৰে কয়৷

উল্লেখ্য যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই জুলাইৰ মধ্য ভাগত তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ৰ সূচী লৈ দ্বীপৰাষ্ট্র শ্রীলংকা ভ্রমণ কৰাৰ কথা আছিল৷ শ্রীলংকা ক্রিকেট ব’র্ডে এই ভ্রমণৰ সময়ছোৱাত সকলো মেচ দর্শকশূন্য ষ্টেডিয়ামত আয়োজনৰ প্রতিশ্রুতি দিছিল৷ মন কৰিবলগীয়া যে ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল সময়মতে আৰম্ভ হোৱাত বিঘিনি ঘটাৰ পিছত শ্রীলংকা ক্রিকেট ব’র্ডে প্রতিযোগিতাখন কলম্বোত আয়োজনৰ প্রস্তাৱ আগবঢ়াইছিল৷ কিন্তু ব’র্ডে ভ্রমণৰ অসুবিধাৰ বাবে এই প্রস্তাৱ প্রত্যাখ্যান কৰিছিল৷

You might also like