নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰিমনাৰ সন্মুখীন হ’ল টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে দেওবাৰে খেলা দ্বিতীয়খন টি–২০ত মন্থৰ গতিত বলিং কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হ’ল বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া৷ মেচখনৰ নির্ধাৰিত সময়ত এক অ’ভাৰ কম বলিং কৰাৰ অপৰাধত ভাৰতীয় দলটোক জৰিমনা বিহা হয়৷ আই চি চিৰ এক বিবৃতিত  এই কথা সদৰী৷ মেচখনত মন্থৰ গতিত বলিং কৰাৰ অপৰাধত ঘৰুৱা দল টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ মেচ ফীৰ ২০ শতাংশ কর্তন কৰা হয়৷

You might also like