টকিঅ’ অলিম্পিকৰ নতুন দিন ঘোষণা; ২০২১ ত অনুষ্ঠিত হ’ব অলিম্পিক
নিয়মীয়া বাৰ্তা ৩০ মাৰ্চঃ ২৪ জুলাইৰ পৰা জাপানৰ ৰাজধানী টকিঅ’ত আৰম্ভ হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখন পিছুৱাই দিয়াৰ পাছত আজি টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰাৰ নতুন দিন ঘোষণা কৰিছে ।
আজি অলিম্পিক পৰিচালনা কমিটীয়ে ঘোষণা কৰা অনুসৰি ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব অলিম্পিক ।
ইয়াৰোপৰি পেৰা অলিম্পিক প্ৰতিযোগিতাও ২০২১ চনৰ ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব ।
Tokyo Olympics 2020 to be held from 23rd July 2021 to 8th August 2021. Paralympic Games to be held from 24th August 2021 till 5th September 2021. #COVID19 pic.twitter.com/2lktxB0Nd0
— ANI (@ANI) March 30, 2020