নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ সময়মতে আয়োজনৰ চিন্তা–চর্চা আই চি চিৰ

নিয়মীয়া বাৰ্তা, ২৮ মেঃ অষ্ট্রেলিয়াত অক্টোবৰ–নৱেম্বৰ মাহত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে চলিত বর্ষৰ টি–২০ বিশ্বকাপখন ২০২২ চনলৈ পিছুৱাই দিয়াৰ চিন্তা–চর্চা কৰি থকা বুলি ওলোৱা বাতৰি সন্দর্ভত আইচিচিয়ে আজি স্পষ্ট কৰি দিয়ে যে বিশ্বকাপখন স্থগিত ৰখা সন্দর্ভত এতিয়ালৈকে কোনোধৰণৰ সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷ পূর্বৰ সময়সূচীমতে সন্মানীয় প্রতিযোগিতাখন আয়োজন কৰাৰ পৰিকল্পনা কৰি আছে৷ অৱশ্যে অষ্ট্রেলিয়াত হ’বলগীয়া টি–২০ বিশ্বকাপখনৰ সন্দর্ভত কাইলৈ হ’বলগীয়া আইচিচিৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ সংবাদ প্রতিষ্ঠানৰ সৈতে হোৱা এক বার্তালাপত আইচিচিৰ এগৰাকী আগশাৰীৰ বিষয়াই কয় যে চলিত বর্ষৰ বিশ্বকাপখন আয়োজন অথবা স্থগিত ৰখাৰ সন্দর্ভত কাইলৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ এই সন্দর্ভত আইচিচিয়ে কাইলৈ এক বৈঠকত মিলিত হ’ব৷ বর্তমান বিশ্বৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্বকাপখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা খুবেই ক্ষীণ৷ আইচিচিয়ে প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা চলাই থকা বুলিও বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ আগশাৰীৰ বিষয়াগৰাকীয়ে মন্তব্য কৰে৷ মন কৰিবলগীয়া যে সমগ্র বিশ্বৰ লগতে অষ্ট্রেলিয়াতো মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত দেশখনত সম্প্রতি ছমহীয়া লকডাউন চলি আছে৷ এনে পৰিপ্রেক্ষিতত আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন আয়োজনক লৈও প্রশ্ণ উত্থাপন হৈছে৷ কিয়নো দেশখনত লকডাউন শিথিল হোৱাৰ এমাহৰ পিছতেই প্রতিযোগিতাখন অনুষ্ঠিত হ’ব আৰু এনে অৱস্থাত প্রতিযোগিতাখনত ভাগ ল’বলগীয়া দলসমূহৰ খেলুৱৈসকলে নির্দিষ্ট সময়ত অষ্ট্রেলিয়াত যে উপস্থিত হ’ব পাৰিব, তাতো সন্দেহ আছে৷ প্রতিযোগিতাখনলৈ প্রস্তুতি চলোৱাৰ বাবে খেলুৱৈসকলক অতিকমেও এক–ডেৰ মাহৰ অনুশীলনৰ আৱশ্যক হ’ব৷

You might also like