নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত মেলব’নত হ’ব টীম ইণ্ডিয়া–ষ্ট্রেলিয়াৰ প্রথম টেষ্ট

নিয়মীয়া বাৰ্তা, ২৮ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতে ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া আগন্তুক চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ সময়সূচী ঘোষণা কৰিলে ক্রিকেট অষ্ট্রেলিয়াই৷ বহু প্রতীক্ষিত চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্ট ৩ ডিচেম্বৰৰ পৰা ব্রিছবেনত অনুষ্ঠিত হ’ব৷ পৰৱর্তী টেষ্টকেইখন এডিলেইড, মেলব’ন আৰু ছিডনীত অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে ক্রিকেট অষ্ট্রেলিয়াই৷ ১১ ডিচেম্বৰৰ পৰা এডিলেইডত হ’বলগীয়া টেষ্টখন দিবা–নৈশভাৱে খেলোৱা হ’ব৷ ইফালে, ২০২০–২১ ছিজনটোত হ’বলগীয়া আন্তর্জাতিক খেলসমূহৰ সূচী সন্দর্ভত শুকুৰবাৰে ঘোষণা কৰিব ক্রিকেট অষ্ট্রেলিয়াই৷ মন কৰিবলগীয়া যে প্রথম অৱস্থাত ক্রিকেট অষ্ট্রেলিয়াই দুয়ো দেশৰ মাজৰ চাৰিখনীয়া টেষ্ট শৃংখলাটো পাঁচখনলৈ বৃদ্ধি কৰাৰ বাবে বিচিচিআইলৈ প্রস্তাৱ আগবঢ়াইছিল যদিও এইক্ষেত্রত বিশেষ সন্মতি আগনবঢ়ালে বিচিচিআয়ে৷ ইফালে, সমগ্র বিশ্বতে দেখা দিয়া মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণটোও অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ অনাগত দিনত যদি পৰিস্থিতি স্বাভাৱিক হয় তেতিয়া হ’লে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণ সম্ভৱ হৈ উঠিব আৰু উক্ত ভ্রমণকালত ভাৰতীয় দলটোৱে টেষ্ট শৃংখলাৰ লগতে টি–২০ আৰু এদিনীয়া শৃংখলাটোত ভাগ ল’ব৷

You might also like