নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় টি–২০ঃ পুনেত আজি শৃংখলা দখলৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ইন্দোৰত চমকপ্রদ জয়েৰে উজ্জীৱিত হৈ থকা টীম ইণ্ডিয়াই আজি পুনেত শৃংখলা দখলৰ লক্ষ্যৰে শ্রীলংকাৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম টি–২০ত খেলপথাৰত নামিব৷ প্রথম টি–২০ত শ্রীলংকাক সহজেই পৰাস্ত কৰা ঘৰুৱা দলটোৱে আজি কিছু সালসলনিৰে যুঁজত নমাৰ সম্ভাৱনা আছে৷

বিশেষকৈ দীর্ঘদিন ধৰি দলৰ সৈতে থাকিও মূল একাদশত সুযোগ নোপোৱা সঞ্জু ছেমছন আৰু মনীষ পাণ্ডেক দলীয় মেনেজমেণ্টে অন্তিম টি–২০ত খেলোৱাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে বিগত তিনিটা শৃংখলাত পাণ্ডেই এখনো মেচ খেলাৰ সুযোগ পোৱা নাই৷ একেদৰে ছেমছনে নৱেম্বৰতে ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটায় যদিও এইপর্যন্ত খেলপথাৰত নমা নাই৷ অক্টোবৰ–নৱেম্বৰত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপলৈ শক্তিশালী ভাৰতীয় দল গঠনৰ লক্ষ্যৰে অধিনায়ক কোহলি আৰু দলীয় মেনেজমেণ্টে অধিকসংখ্যক খেলুৱৈক সুযোগ দিয়াৰ চিন্তাচর্চা কৰিছে৷

মন কৰিবলগীয়া যে দ্বিতীয় টি–২০ত ছার্দুল ঠাকুৰ আৰু নৱদীপ ছাইনীয়ে দুর্দান্ত বলিঙেৰে বুমৰাহৰ ব্যর্থতাক ঢাকি ৰাখিছিল৷ শ্রীলংকা দলত কেইবাগৰাকীও বাঁওহতীয়া বেটছমেন থকাৰ প্রতি লক্ষ্য ৰাখি কাইলৈ কুলদীপ যাদৱ আৰু ৱাশ্বিংটন সুন্দৰে মূল একাদশত স্থান অক্ষুণ্ণ ৰখাটো একপ্রকাৰ নিশ্চিত৷ ইয়াৰ ফলত ৰবীন্দ্র জাদেজা আৰু য়ুজবেন্দ্র চাহালে পুনৰ এবাৰ ৰিজার্ভ বেঞ্চত বহিব লাগিব৷

ইয়াৰ বিপৰীতে আঘাতে জুৰুলা কৰিছে আলহী দল শ্রীলংকাক৷ অধিনায়ক লাছিথ মালিংগাই নেট অনুশীলনত আঘাত পাই ইতিমধ্যে ইন্দোৰত বলিং কৰাৰ পৰা আঁতৰি আছিল৷ অলৰাউণ্ডাৰ ইছুৰু উডানাও আজি আঘাতৰ বাবে দলটোৰ পৰা বাহিৰ হৈছে৷ তেওঁৰ স্থানত কাইলৈ এঞ্জেলো মেথিউজে সুযোগ পাব৷

খেলৰ সময়ঃ সন্ধিয়া ৭ বজা

You might also like