নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দশকৰ শ্ৰেষ্ঠ টি-২০ দলত কোহলি, বুমৰাহ

প্ৰখ্যাত আলোচনী উইজডেনৰ ১১ জনীয়া তালিকাত স্থান নাই ধোনী-ৰোহিতৰ

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ব্রিটেইনৰ প্রখ্যাত আলোচনী উইজডেনৰ দশকৰ শ্রেষ্ঠ টি–২০ দলত স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে৷ অৱশ্যে দলটোৰ নেতৃত্বৰ দায়িত্ব লাভ নকৰিলে ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে৷ তেওঁৰ সলনি উইজডেনে টি–২০ৰ দশকৰ শ্রেষ্ঠ দলটোৰ অধিনায়ক হিচাপে নির্বাচিত কৰিছে অষ্ট্রেলিয়াৰ অ’পেনাৰ আৰন ফিনছক৷ বিগত সময়ছোৱাত অষ্ট্রেলিয়াৰ হৈ সীমিত অ’ভাৰ ক্রিকেটত দর্শনীয় প্রদর্শন আগবঢ়োৱা ফিনছক দলটোৰ অ’পেনাৰৰ দায়িত্বও অর্পণ কৰা হৈছে৷ তেওঁৰ অ’পেনিং সহযোগী হ’ব নিউজিলেণ্ডৰ ক’লিন মুনৰো৷ ইয়াৰ পিছতে তিনি নম্বৰ স্থানত ৰখা হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক৷

অষ্ট্রেলিয়াৰ প্রাক্তন অলৰাউণ্ডাৰ শ্বেন ৱাটছনে কোহলিৰ পিছতে বেটিং ক্রমত স্থান লাভ কৰিছে৷ অষ্ট্রেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে পাঁচ নম্বৰ স্থানত আৰু ইংলেণ্ডৰ জ’ছ বাটলাৰে উইকেটৰক্ষক হিচাপে দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয়ভাৱে দশকৰ শ্রেষ্ঠ এই টি–২০ দলটোত স্থান লাভ নকৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটৰক্ষক মহেন্দ্র সিং ধোনীয়ে৷ বিস্ফোৰক অ’পেনাৰ ৰোহিত শর্মাকো উইজডেনে ১১জনীয়া দলটোত অন্তর্ভুক্ত নকৰিলে৷ দলটোত অপ্রত্যাশিতভাৱে স্থান লাভ কৰা দুগৰাকী খেলুৱৈ হ’ল আফগানিস্তানৰ অলৰাউণ্ডাৰ মহম্মদ নবী আৰু ইংলেণ্ডৰ প্রতিভাৱান অলৰাউণ্ডাৰ ডেভিদ উইলি৷ মন কৰিবলগীয়া যে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ইয়াৰ পূর্বে উইজডেনৰ দশকৰ শ্রেষ্ঠ টেষ্ট আৰু এদিনীয়া দলতো স্থান পাইছিল৷ উইজডেনৰ দশকৰ শ্রেষ্ঠ টি–২০ দলটোঃ আৰন ফিনছ (অধিনায়ক), ক’লিন মুনৰো, বিৰাট কোহলি, শ্বেন ৱাটছন, গ্লেন মেক্সৱেল, জ’ছ বাটলাৰ, মহম্মদ নবী, ডেভিদ উইলি, ৰশ্বিদ খান, যশপ্রীত বুমৰাহ আৰু লাছিথ মালিংগা৷

You might also like