দ্রাবিড়ৰ বিৰুদ্ধে অভিযোগ যুৱৰাজ সিঙৰ
নিয়মীয়া বাৰ্তা, ৭ মে’: পুনৰ এক বিতর্কিত অধ্যায় মুকলি কৰি দিলে প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিঙে৷ বর্তমান ভাৰতীয় দলৰ প্রশিক্ষক ৰাহুল দ্রাবিড়ে ২০০৪ চনত এখন টেষ্টত শচীন তেণ্ডুলকাৰে ১৯৪ ৰানত বেটিং কৰি থকা সময়তে ইনিংছ সমাপ্তি ঘোষণা কৰিছিল৷ সেই ঘটনাৰ বিষয়ে উল্লেখ কৰি যুৱৰাজে কয় যে শচীনক দ্বি–শতৰান কৰাৰ সুযোগ দিয়া উচিত আছিল৷ পাকিস্তানৰ বিৰুদ্ধে মূলতানত ভাৰতে সেইদিনা ৬৫৭ ৰানত ইনিংছ ঘোষণা কৰিছিল৷ সেই সময়ত শচীনৰ সৈতে বেটিং কৰি আছিল যুৱৰাজে৷ তেনে সময়তে দুয়োজন বেটছমেনক ড্রেছিং ৰুমলৈ মাতি নিয়ে দ্রাবিড়ে৷ কিন্তু আৰু ২ অভাৰ বেটিং কৰিলেই শচীনে দ্বি–শতৰান অর্জন কৰিব পাৰিলেহেঁতেন৷ মূলতানৰ সেই মেচখনত ভাৰত এক ইনিংছ আৰু ৫২ ৰানত বিজয়ী হৈছিল৷ শৃংখলাটোত যুৱৰাজে এটা শতৰান আৰু এটা অর্ধশতৰানসহ মুঠ ২৩০ ৰান সংগ্রহ কৰিছিল৷ উল্লেখ্য যে শচীনে তেওঁৰ আত্মজীৱনীত এই ইনিংছটোৰ কথা উল্লেখ কৰিছিল৷