ধোনিৰ উত্তৰাধিকাৰী কোন? বেন ষ্ট’কছ নে গাইকৱাদক দিয়া হ’ব CSKৰ অধিনায়কৰ দায়িত্ব ?
আই পি এল ২০২৩ত এইবাৰ এই লীগৰ অন্যতম সফল দল চেন্নাই ছুপাৰ কিংছে ইংলেণ্ডৰ টেষ্ট অধিনায়ক বেন ষ্ট’কছক ১৬.২৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধনত ক্ৰয় কৰে। ষ্ট’কছে দলত যোগদান কৰাৰ পিছত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে মহেন্দ্ৰ সিং ধোনিৰ পিছত চেন্নাই ছুপাৰ কিংছৰ কমাণ্ড গাইকৱাদ বা ষ্ট’কছৰ হাতত গতাই দিয়া হ’ব। এই আলোচনাৰ মাজতে চি এছ কেৰ এজন জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত এটা ডাঙৰ আপডেট দিছে।
ষ্ট’কছ বা গাইকৱাড কোন CSKৰ পৰৱৰ্তী অধিনায়ক?
চেন্নাই ছুপাৰ কিংছৰ এজন জ্যেষ্ঠ বিষয়াই ইনছাইডস্প’ৰ্টছক জনাইছে যে ষ্টকছ ক্ৰয় কৰি আমি অতি সুখী। তেওঁ এজন মেচ বিজয়ী খেলুৱৈ আৰু এজন ডাঙৰ অধিনায়ক। অৱশ্যে তেওঁ চি এছ কেৰ অধিনায়ক হ’ব নে নহ’ব সেইটো সিদ্ধান্ত ল’ব মহেন্দ্ৰ সিং ধোনীয়ে। যদি কোনো বিদেশী খেলুৱৈ দলৰ অধিনায়ক হয়, তেন্তে দলৰ সংমিশ্ৰণত সদায় সমস্যা থাকে। যদিহে ষ্ট’কছে পৰৱৰ্তী পৰ্যায়লৈকে এছ’চিয়েচনটো নাপায় তেন্তে ই এটা সমস্যা হ’ব। সেইবাবেই ঋতুৰাজ গাইকৱাদক অধিনায়ক নিযুক্তিৰ দৌৰৰ পৰা বাদ দিব নোৱাৰি।
উল্লেখ্য যে আই পি এল ২০২৩ৰ খেলুৱৈ সকলৰ নিলাম ইতিমধ্যে হৈছে। এইবাৰ এই লীগৰ অন্যতম সফল দল চেন্নাই ছুপাৰ কিংছে ইংলেণ্ডৰ টেষ্ট অধিনায়ক বেন ষ্ট’কছক ১৬.২৫ কোটি টকাৰ বৃহৎ পৰিমাণৰ ধনত ক্ৰয় কৰে।