নিজ দেশতে মৃত্যুৰ ভাবুকি মেছিক: পত্নীৰ দোকানত গুলীবর্ষণ
নিয়মীয়া বাৰ্তা, ৪ মার্চ: বিশ্বকাপ বিজয়ী আর্জেণ্টিনা দলৰ অধিনায়ক লি’নেল মেছিক মৃত্যুৰ ভাবুকি ভৰা চিঠি প্রেৰণ কৰাৰ লগতে তেওঁৰ পত্নী আণ্ট’নেল্লা ৰ’কুজ্জুৰ দোকানত প্রায় ১৪ ৰাউণ্ড গুলীবর্ষণ কৰিলে দুষৃকতিকাৰীয়ে৷ এই ঘটনা ঘটিছে মেছিৰ চহৰ ৰজাৰি’ত৷ প্রত্যক্ষদর্শীয়ে জনোৱা মতে, দুজন দুষৃকতিকাৰীয়ে বাইকেৰে ঘটনাস্থলীলৈ আহি এই কার্য সংঘটিত কৰে৷ দোকানখনত উপর্যুপৰি গুলীবর্ষণ কৰাৰ পাছত মেছিৰ বাবে এখন চিঠিও এৰি থৈ যায়৷ তাত লিখা আছিল– মেছি, তোমাৰ বাবে আমি অপেক্ষা কৰিছোঁ৷ জাভকিন এজন মাদক চক্রৰ সৈতে জড়িত ব্যক্তি, তেওঁ তোমাক ৰক্ষা কৰিব নোৱাৰিব৷ উল্লেখ্য যে চিঠিত উল্লেখ কৰা জাভকিন হ’ল ৰজাৰি’ৰ মেয়ৰ পাবল’ জাভকিন৷ এই ঘটনাত কোনো লোক হতাহত নহ’লেও দোকানখনৰ ব্যাপক ক্ষতি হৈছে৷