পাকিস্তানী ড্রোন প্রতিৰোধত বিএছএফৰ বিশেষ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: পাকিস্তানৰ পৰা ড্রোনেৰে ড্রাগ্ছ, অস্ত্র তথা বিস্ফোৰক ভাৰতলৈ প্রেৰণ কৰা ঘটনা পূর্বৰ তুলনাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ পঞ্জাব আৰু জম্মু সীমান্তত পাকিস্তানৰ ড্রোনৰ প্রৱেশৰ ঘটনা চলিত বর্ষত পূর্বৰ তুলনাত দুগুণলৈ বৃদ্ধি পাইছে৷ সীমা সুৰক্ষা বাহিনীৰ (বিএছএফ)ৰ তৰফৰ পৰা এই কথা প্রকাশ কৰা হৈছে৷ পাকিস্তানৰ পৰা প্রেৰণ কৰা ড্রোনে আহি ভাৰতত যাতে অস্ত্র বর্ষণ কৰিব নোৱাৰে, সেই সন্দর্ভত বিএছএফে দীর্ঘদিনৰ পৰা বিভিন্ন চিন্তা–চর্চা চলাই আহিছে৷ দিল্লীত থকা বিএছএফৰ শিবিৰত ড্রোন ফৰেনছিক অধ্যয়নৰ বাবে এক অত্যাধুনিক পৰীক্ষাগাৰ স্থাপন কৰা হৈছে৷ বিএছএফৰ সঞ্চালকপ্রধান পংকজ কুমাৰ সিঙে আজি সংবাদ মাধ্যমক এই কথা জনাইছে৷
সংবাদ সংস্থা পিটিআইৰ প্রতিবেদন অনুসৰি, এই পৰীক্ষাগাৰত উৎসাহজনক ফল পোৱা গৈছে৷ ড্রোন ফৰেনছিক অধ্যয়নৰ জৰিয়তে নিৰাপত্তা সংস্থাসমূহে ড্রোনৰ উৰণৰ পথৰ সন্ধান কৰিবলৈ সক্ষম হ’ব৷ অকল সেয়াই নহয়, সীমান্তৰ সিপাৰত ড্রোন উৰণৰ ক্ষেত্রত সক্রিয় হৈ থকা অপৰাধীবোৰৰ অৱস্থানো নিশ্চিত কৰিবলৈ সক্ষম হ’ব বিএছএফ৷ সঞ্চালকপ্রধানগৰা উল্লেখ কৰা অনুসৰি, কম সময়ৰ ভিতৰতে পাকিস্তানী ড্রোনে সীমান্তৰ সিপাৰৰ পৰা আহি ভাৰতৰ ভূখণ্ডত অস্ত্র আৰু ড্রাগ্ছ পেলোৱা ঘটনাৰ অন্ত পেলোৱা হ’ব৷