নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিংক টেষ্টত শতক অৰ্জন কোহলীৰ

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈ থকা দ্বিতীয় খন টেষ্টত শতক অৰ্জন কৰিছে। ২৭ নম্বৰ টেষ্ট শতক অৰ্জন কৰাৰ লগে লগে কোহলীয়ে নিজৰ নামত কেইবাটাও অভিলেখ নিজৰ নাম কৰে।

বিৰাট কোহলীয়ে ভাৰতৰ হৈ দিবা-নৈশ টেষ্টত শতক অৰ্জন কৰা প্ৰথম জন বেটছমেন হিচাপে পৰিগণিত হৈছে। অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন বিৰাট কোহলীয়ে পূৰ্ব অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পণ্টিঙৰ অভিলেখ ভংগ কৰে। অধিনায়ক হিচাপে কোহলীয়ে ২০ টা টেষ্ট শতক অৰ্জন কৰিছে কিন্তু ৰিকী পণ্টিঙে ১৯ টা শতক অৰ্জন কৰিছিল। অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেৰম স্মিথে। ২৫টা শতক অৰ্জন কৰি স্মিথ শিখৰত আছে।

You might also like