নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ছুপাৰ অভাৰত পৰাস্ত নিউজিলেণ্ড; ৪-০ ৰে শৃংখলাত অগ্ৰগতি টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ তৃতীয় টি–২০ ত শ্বাসৰুদ্ধকৰ ছুপাৰ অভাৰত চমকপ্রদ জয়েৰে শৃংখলা জয়ৰ পিছত টীম ইণ্ডিয়াই পুনৰ আজি ছুপাৰ অভাৰত পৰাস্ত কৰে নিউজিলেণ্ডক ।

আজি ৱেলিংটনত অনুষ্ঠিত চতুৰ্থ টি-২০ ত জয়ৰ লগে লগে আত্মবিশ্বাসী টীম ইণ্ডিয়াই ৫ খন টি-২০ ৰ শৃংখলাটো ৪-০ ৰে অগ্ৰগতি লাভ কৰে ।

উল্লেখ্য যে খেলখনৰ আৰম্ভণিতে টছত জয়ী হৈ ঘৰুৱা দল নিউজিলেণ্ড ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইপিনে প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে নিৰ্ধাৰিত অভাৰত ৮ টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰৰ শেষলৈকে যুঁজ দি লক্ষ্য ভেদ কৰাত বিফল হয় আৰু ৭ টাকৈ উইকেট হেৰুৱাই ১৬৫ ৰানেই সংগ্ৰহ কৰে। যাৰ বাবে খেলখন পুনৰবাৰ টাই হয় ।

ইফালে ছুপাৰ অভাৰত নিউজিলেণ্ডে ১৪ ৰানৰ লক্ষ্য বান্ধি দিছিল যদিও বিৰাট কোহলি আৰু কে এল ৰাহুলৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে খেলখন সহজেই নিজৰ দখললৈ আনিবলৈ সক্ষম হয় টীম ইণ্ডিয়াই ।

আনহাতে খেলখনত ছার্দুল ঠাকুৰক ‘মেন অৱ দ্যা মেচ’ৰ সন্মান আগবঢ়োৱা হয় ।

স্মৰ্তব্য যে- নিউজিলেণ্ডে আজি পৰ্যন্ত ৭ খনকৈ মেচত ছুপাৰ অভাৰ খেলিছে, যাৰে ভিতৰত মাত্ৰ ১ খনত হে জয় লাভ কৰিছে ।

 

You might also like