নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ ফাইনেল খেলাৰ লক্ষ্য দিল্লীৰ

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত প্রথমবাৰৰ বাবে ফাইনেল খেলাৰ লক্ষ্য লৈছে নৱাগত খেলুৱৈৰে সমৃদ্ধ দিল্লী কেপিটেলছে৷ সংযুক্ত আৰব আমিৰ শ্বাহীত পূর্ণগতিত চলি থকা বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ কাইলৈ হ’বলগীয়া কোৱালিফায়াৰ–২ মেচখনত দিল্লী কেপিটেলছে ছানৰাইজার্ছ হায়দৰাবাদৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ কাইলৈৰ এই মেচখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ পৰিছে৷ কিয়নো এই মেচখনত যিটো দলে জয়লাভ কৰিব, সেই দলটোৱে অহা মঙলবাৰে ডুবাইত হ’বলগীয়া ফাইনেল মেচখনত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰে মুখামুখি হ’ব৷ কোৱালিফায়াৰ–১ মেচখনত মুম্বাইৰ হাতত পৰাস্ত হ’লেও ভাগি পৰা নাই দিল্লী কেপিটেলছ৷ কাইলৈৰ মেচখনৰ সন্দর্ভত দিল্লী দলটোৰ অধিনায়ক শ্রেয়াছ আয়াৰে কয় যে কোৱালিফায়াৰ–১ত পৰাস্ত হ’লেও আমাৰ মনোবল হ্রাস পোৱা নাই৷ কাইলৈৰ মেচখনত ছানৰাইজার্ছ হায়দৰাবাদৰ বিপক্ষে পূর্ণশক্তিৰে অৱতীর্ণ হ’ব আৰু মেচখনত বিজয় সাব্যস্ত কৰি প্রথমবাৰৰ বাবে আই পি এলৰ ফাইনেল খেলাৰ গৌৰৱ অর্জন কৰিব পাৰিব বুলি আত্মবিশ্বাসী৷ অৱশ্যে মেচখনত ছানৰাইজার্ছৰ পৰা প্রত্যাহ্বান লাভ কৰিব বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে ডেভিদ ৱার্নাৰ বাহিনীয়ে শেহতীয়াভাৱে দুর্দান্ত প্রদর্শন দাঙি ধৰি আহিছে৷ জেছন হল্ডাৰৰ উপস্থিতিয়ে দলটোৰ বলিং বিভাগটোক অধিক শক্তিশালী কৰি তুলিছে৷ গতিকে মেচখন ৰোমাঞ্চকৰ হোৱাটো খাটাং৷ ইফালে, কাইলৈৰ এই মেচখনক লৈ আত্মবিশ্বাসী হায়দৰাবাদো৷ এলিমিনেটৰ মেচখনত বাংগালুৰুক হৰুৱাই মনোবল তুংগত থকা হায়দৰাবাদে কাইলৈ দিল্লীক পৰাস্ত কৰিব পাৰিব বুলি আশাবাদী দলটোৰ অধিনায়ক ৱার্নাৰ

You might also like