অসম–নাগালেণ্ডৰ মাজত ঐতিহাসিক ত্রিপাক্ষিক চুক্তি
অসম আৰু নাগালেণ্ডৰ মাজত বুজাবুজিৰ মাধ্যমেৰে দেশৰ শক্তি খণ্ডৰ বাবে এক ঐতিহাসিক ক্ষণৰ সূচনা হৈছে। ভাৰতৰ শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ লক্ষ্যৰে অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত শক্তি অন্বেষণ আৰু নিষ্কাষণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ত অৱগত কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পথ-প্ৰদৰ্শনত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এই নিৰ্ণায়ক চুক্তিখন সম্পন্ন হয়।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে, এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ ১,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকা শক্তি আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ বাবে মুকলি হ’ব, য’ত পূৰ্বৰে পৰা বৃহৎ পৰিমাণৰ শক্তি সংৰক্ষিত হৈ থকাৰ সম্ভাৱনা আছে।
এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতক শক্তি খণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা বহুদিনীয়া তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ দৃঢ়প্ৰতিজ্ঞ আৰু এই চুক্তি তাৰে এক অন্যতম প্ৰমাণ।
ইয়াৰ সৈতে সমগ্ৰ উত্তৰ-পূব অৰ্থাৎ ‘অষ্টলক্ষ্মী’ অঞ্চলৰ বাবে এক নতুন যুগৰ আৰম্ভণি ঘটিল বুলিও তেওঁ মন্তব্য কৰে।
বিশেষ বাৰ্তা, নতুন দিল্লী, ১২ জুন