নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ বিশ্বকাপ জয়ৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৮মার্চঃ আজি আন্তর্জাতিক নাৰী দিৱস ৷ এই নাৰী দিৱসত ভাৰতবর্ষলৈ বিশ্ব জয়ৰ সোৱাদ কঢ়িয়াই অনাৰ সংকল্প লৈছে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্রিকেট দলটোৱে৷ সম্প্রতি অষ্ট্রেলিয়াত চলি থকা আই চি চি মহিলা টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেল মেচখন মেলব’ন ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব৷ এই খিতাপ যুঁজৰ মেচখনত ভাৰতীয় দলটোৰ প্রতিদ্বন্দ্বী হ’ব ডিফেণ্ডিং তথা চাৰিবাৰৰ চেম্পিয়ন ঘৰুৱা দল অষ্ট্রেলিয়া৷ আই চি চিৰ সন্মানীয় প্রতিযোগিতাখনৰ ফাইনেলত প্রথমবাৰৰ বাবে প্রৱেশ কৰি ইতিহাস ৰচিবলৈ সক্ষম হোৱা ভাৰতীয় দলটোৱে ফাইনেল মেচখনতো বিজয় সাব্যস্ত কৰি আন এক অভিলেখ ৰচাৰ লক্ষ্য লৈছে৷ প্রতিযোগিতাখনত অপ্রতিৰোধ্য ভাৰতীয় দলটোৰ বাবে অৱশ্যে কাইলৈৰ ফাইনেল মেচখন সহজ নহ’ব৷ কিয়নো শক্তিশালী অষ্ট্রেলিয়াৰ পৰা লাভ কৰিব কঠিন প্রত্যাহ্বান৷ এই খিতাপ যুঁজৰ মেচখনত বিস্ফোৰক খেলুৱৈ শেফালি বার্মাৰ লগতে স্মৃতি মান্ধানা, জেমিমা ৰড্রিগুৱেজৰ পৰা বিস্ফোৰক ইনিংছ আশা কৰিছে অধিনায়িকা হৰমনপ্রীতে৷ মন কৰিবলগীয়া যে চলিত বিশ্বকাপ প্রতিযোগিতাখনত শেফালি বার্মাই বিস্ফোৰক বেটিং প্রদর্শন দাঙি ধৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ এই মেচখনতো শেফালিয়ে আন এক বিস্ফোৰক ইনিংছ খেলি ভাৰতীয় দলৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব বুলি অধিনায়িকাগৰাকীয়ে আশা ব্যক্ত কৰিছে৷ ইফালে, বলাৰ পুনম যাদৱ, ৰাধা যাদৱ, শিখা পাণ্ডেৰ পৰাও বহুখিনি আশা কৰিছে অধিনায়িকাগৰাকীয়ে৷ প্রতিযোগিতাখনৰ লীগ পর্যায়ৰ মেচত অষ্ট্রেলিয়াক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে ফাইনেল মেচখনতো ঘৰুৱা দলটোক পৰাস্ত কৰিব পাৰিব বুলি আত্মবিশ্বাসী৷ আনহাতে, ঘৰুৱা দল অষ্ট্রেলিয়াই অলৰাউণ্ডাৰ এছলে পেৰী অবিহনে খিতাপ যুঁজৰ মেচখনত ভাগ ল’ব৷ এছলে পেৰীৰ অনুপস্থিতি দলটোৰ বাবে এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰিছে অধিনায়িকা মেগ লেনিঙে৷ ইফালে, বিশ্ব জয়ৰ এই মেচখনৰ পূর্বে ভাৰতীয় দলটোক শুভেচ্ছা জনাইছে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে ভাৰতৰ লগতে ঘৰুৱা দল অষ্ট্রেলিয়াকো বিশ্বকাপৰ ফাইনেল মেচখনৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে দুয়োটা দললৈ আন্তর্জাতিক নাৰী দিৱসৰো শুভেচ্ছা জ্ঞাপন কৰে৷

You might also like