প্রথম ভাৰতীয় হিচাপে মনোনীত ছানিয়া
নিয়মীয়া বাৰ্তা ২ মেঃ সন্মানীয় ফেড কাপ হার্ট এৱার্ডৰ বাবে মনোনীত হৈছে ভাৰতৰ মোহময়ী টেনিছ তাৰকা ছানিয়া মির্জা৷ এছিয়া–ওছেনিয়া মণ্ডলৰ পৰা ফেড কাপ হার্ট এৱার্ডৰ বাবে মনোনয়ন লাভ কৰা ছানিয়া হ’ল প্রথমগৰাকী ভাৰতীয় ক্রীড়াবিদ৷ উল্লেখ্য যে যোৱা মাহত ছানিয়াৰ চমকপ্রদ প্রদর্শনৰ সহায়ত ভাৰতে প্রথমবাৰৰ বাবে ফেড কাপৰ প্লেফলৈ যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতীয় তাৰকাগৰাকীৰ এই প্রদর্শনৰ ভিত্তিতে তেওঁক সন্মানীয় ফেড কাপ হার্ট এৱার্ডৰ বাবে মনোনীত কৰা হৈছে৷ অনলাইন ভোটিঙৰ জৰিয়তে এই বঁটাৰ বিজয়ী নির্ধাৰণ কৰা হ’ব৷ ১ মে’ৰ পৰা ৮ মে’লৈ ফেড কাপ হার্ট এৱার্ডৰ অনলাইন ভোটিং অব্যাহত থাকিব৷ ১৮ মহীয়া সন্তান ইজহানক জন্ম দিয়াৰ পিছত প্রথমবাৰলৈ ক’টত নামিয়ে ছানিয়া মির্জাই ফেড কাপত ভাৰতৰ হৈ ঐতিহাসিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই সাফল্যক তেওঁ কেৰিয়াৰৰ অন্যতম স্মৰণীয় মুহূর্ত হিচাপে আখ্যা দিছিল৷