প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ চোকা নজৰ
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলালৈ পূর্ণোদ্যমে সাজু হৈছে টীম ইণ্ডিয়া৷ বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে দক্ষিণ আফ্রিকাৰ মাটিত প্রথমটো টেষ্ট শৃংখলা জয়ৰ লক্ষ্যৰে যোৱা তিনি দিন ধৰি চেঞ্চুৰিয়নত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে৷ নৱনিযুক্ত প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ চোকা নজৰত খেলুৱৈসকলে বেটিং–বলিং আৰু ফিল্ডিঙৰ মান উন্নত কৰিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই৷ আগন্তুক তিনি দিন ধৰি টীম ইণ্ডিয়াই চেঞ্চুৰিয়নৰ ছুপাৰ স্প’ট পার্কত অনুশীলন অব্যাহত ৰাখিব বুলি প্রশিক্ষক দ্রাবিড়ে আজি জানিবলৈ দিয়ে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে এই টেষ্ট শৃংখলা অধিনায়ক বিৰাট কোহলিৰ বাবে যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ এদিনীয়া আৰু টি–২০ৰ অধিনায়ক হিচাপে ঈর্ষণীয় সাফল্য অর্জন কৰিব নোৱৰাত তাৰকাগৰাকীয়ে ইতিমধ্যে সীমিত অ’ভাৰ ক্রিকেটৰ নেতৃত্ব হেৰুৱাইছে৷ ইফালে, আঘাতৰ বাবে টেষ্ট শৃংখলাটোৰ পৰা ৰোহিত শর্মা বাহিৰ হৈছে৷ তেওঁৰ অনুপস্থিতিত লোকেশ ৰাহুলক টীম ইণ্ডিয়াৰ সহঃ অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে৷ মন কৰিবলগীয়া যে ভাৰতে এতিয়ালৈকে দক্ষিণ আফ্রিকাৰ মাটিত টেষ্ট শৃংখলা জয়ৰ সোৱাদ লাভ কৰা নাই৷