বক্সাৰ অংকুশিতা বড়োৰ সাহায্য
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা এই সংকটৰ সময়ত ৰাজ্যবাসীৰ কাষত থিয় দিছে অসমৰ উদীয়মান ক্ৰীড়াবিদসকল ।
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰীড়াবিদ বক্সাৰ লাভলীনাই অসম চৰকাৰলৈ অনুদান আগবঢ়োৱাৰ পাছত আন এগৰাকী বক্সাৰ অংকুশিতা বড়োৱে অসম আৰোগ্য নিধিলৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ।
উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে অংকুশিতাই বিগত এমাহ ধৰি ঢেকিয়াজুলিৰ নিজ গৃহতে আছে ।