নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১জন নহয়, আমি এজন ব্যক্তিৰ হাতত পৰাস্ত হ’লোঁ

নিউজ ডেস্ক, ১১ মাৰ্চঃ পৰাজয়ৰ পিছতো আপ্লুত হৈ পৰে মিচেল ছাণ্টনাৰ৷ বিপক্ষৰ অধিনায়ক ৰোহিত শর্মাৰ বেটিঙত আপ্লুত৷ কঠিন যুঁজ দি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজিত হয় নিউজিলেণ্ড৷ খেলৰ অন্তত নিউজিলেণ্ডৰ অধিনায়ক ছাণ্টনাৰে ভাৰতৰ জয়ৰ নায়ক ৰোহিত শর্মা বুলি মন্তব্য কৰে৷ ৰোহিতে আক্রমণাত্মক বেটিং আৰম্ভ কৰে৷ পেচাৰৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ডাঙৰ শ্বট খেলিছিল৷ ভাৰতে ১৮ অভাৰত ১০০ ৰান কৰিছিল৷ ছাণ্টনাৰে ভাবে যে সেইখিনিতে তেওঁলোকে পৰাস্ত হোৱাৰ ইংগিত লাভ কৰিছিল৷ মেচৰ অন্তত সংবাদ মেলত ছাণ্টনাৰে কয় – ‘মহ ভাবোঁ যে প্রতিযোগিতাৰ পূর্বে যদি ৰোহিতক সোধা হ’লহেঁতেন, তেওঁ কোনখন মেচত সর্বাধিক ৰান সংগ্রহ কৰিব বিচাৰে তেন্তে তেওঁ ফাইনেল বুলি ক’লেহেঁতেন৷ তেওঁৰ বেটিঙে বলাৰসকলৰ মনত ভয়ৰ সৃষ্টি কৰিছিল৷ তেওঁৰ বেটিঙৰ বাবেই আমাক পৰাস্ত কৰিলে৷ আমি ১১জনৰ হাতত নহয়, এজন ব্যক্তিৰ হাতত পৰাস্ত হ’লোঁ’৷

You might also like