নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশক বিপদত পেলাব ছামীয়ে

নিউজ ডেস্ক ২০ নৱেম্বৰঃ কলকাতাত হবলগীয়া ঐতিহাসিক দিবা-নৈশ টেষ্টখনত বাংলাদেশৰ বেটছমেনক বিপদত পেলাবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামী। দিবা-নৈশ টেষ্টখনত যাদুকৰী বলিঙেৰে বিপক্ষ দলটোৰ বেটছমেনসকলক বিপদত পেলাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি ছামীয়ে কয় যে টেষ্টখনত তেওঁ প্ৰয়োজন সাপেক্ষে বলিঙৰ গতি সালসলনি কৰিব। বলাৰসকলে ইডেনৰ উইকেটৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব। উইকেট যদি মন্থৰ, তেতিয়াহলে অতিৰিক্ত প্ৰয়াস কৰি বিপক্ষ দলটোৰ বেটছমেনসকলক চাপত ৰখাৰ চেষ্টা চলাব বুলি টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ গৰকাকীয়ে মন্তব্য কৰে।