নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪১ বছৰীয়া বাস্কেটবল কিংবদন্তি কোবি ব্রায়ান্টৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ দেওবাৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত হয় এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হয় । ইপিনে মৃত্যু হোৱা লোকসকলৰ ভিতৰত আমেৰিকাৰ বাস্কেটবল কিংবদন্তি কোবি ব্রায়ান্ট আৰু তেওঁৰ ১৩ বছৰীয়া জীয়ৰী জিয়ান্নাও আছিল । মন কৰিব লগীয়া যে দুর্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন ব্রায়ান্টৰ ব্যক্তিগত হেলিকপ্টাৰ আছিল।

এই দুৰ্ঘটনাক আচৰিত আখ্যা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দুখ প্ৰকাশ কৰিছে ।

ইফালে এই বাস্কেটবল কিংবদন্তিগৰাকীৰ মৃত্যুৰ খবৰ সমগ্ৰ বিশ্বতে বিয়পি পৰাৰ লগে লগে সকলো ক্ৰীড়াপ্ৰেমীয়ে মৰ্মাহত হৈ পৰা দেখা গৈছে । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়েও এইগৰাকী খেলুৱৈৰ মৃত্যুৰ শোক প্ৰকাশ কৰি তেওঁৰ শিশুকালৰ কিছুমান মুহূৰ্তক স্মৰণ কৰে ।

উল্লেখ্য যে ২০০৮ আৰু ২০১২ ৰ অলিম্পিকত আমেৰিকাই বাস্কেটবলত সোণৰ পদক লাভ কৰাৰ ক্ষেত্ৰত আমেৰিকা বাস্কেটবল দলৰ অন্যতম সদস্য আছিল কোবি ব্রায়ান্ট ।

You might also like