বিজয় হাজাৰে ট্রফীত মণিপুৰক ১০ উইকেটত হৰুৱালে অসমে
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ বিজয় হাজাৰে এদিনীয়া ট্রফী ক্রিকেট প্রতিযোগিতাত অসমে চমকপ্রদ জয়েৰে অভিযান আৰম্ভ কৰিছে৷ চেন্নাইত আজি অনুষ্ঠিত প্লেট গ্রুপৰ এখন মেচত গকুল শর্মা নেতৃত্বাধীন দলটোৱে তুলনামূলকভাৱে দুর্বল মণিপুৰক ১০ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ বৰষুণে বিঘিনি ঘটোৱা মেচখনত অসমে ১১৯ ৰানৰ লক্ষ্য লাভ কৰে আৰু অ’পেনাৰ পল্লৱ কুমাৰ দাস আৰু ডেনিছ দাসৰ সুন্দৰ বেটিঙৰ সহায়ত দলটোৱে ১৫.৪ অ’ভাৰতে জয় সাব্যস্ত কৰে৷ পল্লৱে ৫৩ বলত ৭৫ আৰু ডেনিছে ৪১ বলত ৩৬ ৰান সংগ্রহ কৰি অপৰাজিত হৈ ৰয়৷ ইয়াৰ পূর্বে অসমৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি মণিপুৰে ২৮ অ’ভাৰত ৬ উইকেটৰ বিনিময়ত ১০৮ ৰান সংগ্রহ কৰে৷
অসমৰ হৈ ৰাজাকুদ্দিন আহমেদে দুটা, প্রীতম দাস, অম্লানজ্যোতি দাস আৰু গকুল শর্মাই এটাকৈ উইকেট পায়৷ বৰষুণৰ বাবে মেচখন ৩৩ অ’ভাৰলৈ হ্রাস কৰা হৈছিল যদিও মণিপুৰৰ ২৮ সংখ্যক অ’ভাৰত বৰষুণে পুনৰ বিঘিনি ঘটোৱাত অসমে ২৫ অ’ভাৰত ১১৯ ৰানৰ নতুন লক্ষ্য লাভ কৰে৷