নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত আজিৰ পৰা আৰম্ভ বি.আৰ. মমিন প্ৰাইজ মণি মহিলা ফুটবল প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবৰ বাবে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে বিভিন্ন সময়ত উদ্যোগ গ্ৰহণ কৰি আহিছে। এইবাৰো বিধায়কজনে বোকাজানৰ বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ যুৱতীসকলক খেলৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে তেওঁৰ স্বৰ্গীয় পিতৃ বি.আৰ. মমিনৰ নামত এখন মহিলা ফুটবল খেলৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাখনৰ বিজয়ী দলটোৱে নগদ এক লাখ টকা লাভ কৰাৰ লগতে বিজিত দলটোৱে পাব পঞ্চাশ হাজাৰ টকা।লগতে থাকিব অন্যান্য বহু পুৰস্কাৰ।
মুঠ ষোল্লটা মহিলা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ আজিৰ প্ৰথমখন খেল অনুষ্ঠিত হয় মহখুটি আৰু সাংজাংলাংছ মহিলা দলৰ মাজত।খেলখনত মহখুটি দলে সাংজাংলাংছ দলক 2-0 গলত পৰাজিত কৰে। খেলৰ আৰম্ভণিতে স্বৰ্গীয় বি.আৰ. মমিনৰ পত্নী (87)৮৭ বছৰীয়া পত্নী সুশিলা মমিনে কিক অফ কৰি খেলুৱৈসকলক উৎসাহিত কৰে। আজিৰ আৰম্ভণি খেলখনত অতিথি হিচাপে উপস্থিত থাকে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি, পৰিষদীয় সদস্য মুকুট মহন্ত, বাপুৰাম কিচকু আদি উপস্থিত থাকে।
You might also like