নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বভাৰতীয় চিনিয়ৰ ৰেংকিং বেডমিণ্টনত অস্মিতাৰ স্বৰ্ণ জয়

চলিত বৰ্ষত দুখনকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলি উঠা বাঁওহতীয়া উদীয়মান শ্বাটলাৰগৰাকীয়ে সোমবাৰে সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটী, ১১ নৱেম্বৰঃ অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহাই বেডমিণ্টন ক’ৰ্টত চমকপ্ৰসদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। চলিত বৰ্ষত দুখনকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলি উঠা বাঁওহতীয়া উদীয়মান শ্বাটলাৰগৰাকীয়ে সোমবাৰে সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ মহিলাৰ ছিংগলছ ইভেণ্টত তেওঁ এই সাফল্য অৰ্জন কৰে। ফাইনেলত অস্মিতাই পেট্ৰ’লিয়ামৰ ঋতুপৰ্ণা দাসক ২১-১৩,২১-১৮ৰ ব্যৱধানত পৰাস্ত কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ছিনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছত খিতাপ জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিভাৱান শ্বাটলাৰগৰাকীক অসম বেডমিণ্টন সন্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে শুভেচ্ছা জনাইছে।

You might also like