বুমৰাহৰ স্থানত ভাৰতীয় বিশ্বকাপ দলত ছামি
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ: টি–২০ বিশ্বকাপৰ বাবে ১৫জনীয়া ভাৰতীয় দলত অন্তর্ভুক্ত কৰা হৈছে মহম্মদ ছামিক৷ আঘাতৰ বাবে বাদ পৰা যশপ্রীত বুমৰাহৰ পৰিৱর্তে তেওঁ দলত সুযোগ লাভ কৰিছে৷ অষ্ট্রেলিয়াৰ মাটিত ছামিৰ অভিজ্ঞতা দলৰ বাবে সহায়ক হ’ব বুলি ধাৰণা কৰিছে টীম ইণ্ডিয়াই৷ ইয়াৰ পূর্বে ছামিক ৰিজার্ভ দলত ৰখা হৈছিল৷ ছামিয়ে বিগত টি–২০ বিশ্বকাপৰ পাছত ভাৰতৰ হৈ টি–২০ মেচ খেলা নাই৷ তথাপি তেওঁক দলত লোৱা হ’ব বুলি বুমৰাহৰ আঘাতৰ পাছতে চর্চা আৰম্ভ হৈছিল৷ কিন্তু ক’ৰোনাত আক্রান্ত হোৱা বাবে তেওঁ অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি–২০ শৃংখলাত খেলিবলৈ সক্ষম নহ’ল৷ ক’ৰোনামুক্ত হোৱাৰ পাছত ৰাষ্ট্রীয় ক্রিকেট একাডেমীয়ে তেওঁক সুস্থ ঘোষণা কৰাৰ পাছতে বুধবাৰে অষ্ট্রেলিয়া অভিমুখে ৰাওনা হয়৷ ভাৰতীয় ক্রিকেট ব’ডৰ তৰফৰ পৰা আজি জনোৱা হৈছে যে ছামি অষ্ট্রেলিয়াত উপস্থিত হৈছে আৰু তেওঁ অনুশীলনত অংশগ্রহণ কৰিব৷ মহম্মদ ছিৰাজ আৰু শার্দুল ঠাকুৰকো অষ্ট্রেলিয়ালৈ পঠিওৱা হ’ব আৰু তেওঁলোকক খেলিবৰ বাবে সাজু কৰি ৰাখিব৷ দীপক চহৰে ৰিজার্ভ দলত স্থান লাভ কৰিছিল যদিও আঘাতৰ বাবে তেওঁ দলৰ পৰা বাদ পৰিছে৷ চহৰৰ স্থানত দলভুক্ত কৰা হৈছে শার্দুলক৷