ভাৰতীয় দলৰ ভ্রমণ বাতিল হ’লে ব্যথিত হ’ব অষ্ট্রেলিয়া: লাবুছানে
নিয়মীয়া বাৰ্তা, ৫ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে যদি ভাৰতীয় ক্রিকেট দলটোৰ অষ্ট্রেলিয়া ভ্রমণ বাতিল হয়, তেতিয়াহ’লে ঘৰুৱা দলটো ব্যথিত হ’ব৷ –এই মন্তব্য কৰিছে অষ্ট্রেলিয়া ক্রিকেট দলটোৰ প্রতিভাৱান বেটছমেন মার্নাছ লাবুছানেই৷
চলিত বর্ষৰ শেষৰ ফালে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই অষ্ট্রেলিয়া ভ্রমণ কৰিব৷ টি–২০ শৃংখলাৰে আৰম্ভ হ’বলগীয়া ভাৰতীয় দলটোৰ অষ্ট্রেলিয়া ভ্রমণক অধিক আগ্রহেৰে বাট চাইছে কেংগেৰু বাহিনীয়ে৷ অৱশ্যে ভাৰতীয় দলটোৰ এই অষ্ট্রেলিয়া ভ্রমণটোত হেঙাৰস্বৰূপে দেখা দিব পাৰে মহামাৰী ক’ৰোনা ভাইৰাছে৷ কিয়নো এই ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি সমগ্র বিশ্বতে স্থবিৰ হৈ পৰিছে ক্রীড়াক্ষেত্র৷ অষ্ট্রেলিয়াও ইয়াৰ ব্যতিক্রম নহয় বুলি উল্লেখ কৰি লাবুছানেই কয় যে তেওঁ ভাৰতীয় দলটোৰ উক্ত ভ্রমণটো অধীৰ আগ্রহেৰে বাট চাইছে৷ ইফালে, প্রতিভাৱান বেটছমেনগৰাকীয়ে কেংগেৰু বাহিনীক টি–২০ ক্রিকেটতো প্রতিনিধিত্ব কৰাৰ ইচ্ছা ব্যক্ত কৰিছে৷