ভাৰত–নিউজিলেণ্ডৰ আজি দ্বিতীয় টি–২০; জয়ৰ সোৱাদ দিবলৈ আত্মবিশ্বাসী টীম ইণ্ডিয়া
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ প্রথম টি–২০ত দুর্দান্ত জয়েৰে আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি নিউজিলেণ্ডৰ বিৰুদ্ধ শৃংখলাৰ দ্বিতীয়খন মেচ খেলিব৷ অকলেণ্ডৰ হাই স্ক’ৰিং ইডেন পার্কত অনুষ্ঠিত হ’বলগীয়া এই মেচখনতো প্রথম টি–২০ৰ দৰে ৰানৰ জোৱাৰ উঠাৰ সম্ভাৱনা আছে৷
বিৰাট কোহলি নেতৃত্বাধীন আলহী দলটোৱে বেটিং শক্তিৰ সহায়ত আজি চমকপ্রদ জয় সাব্যস্ত কৰিলেও বলিঙক লৈ দলটো সম্পূর্ণৰূপে শংকামুক্ত নহয়৷ কিয়নো, প্রথম টি–২০ত যশপ্রীত বুমৰাহৰ বাহিৰে ভাৰতৰ আটাইকেইগৰাকী বলাৰে প্রতি অভাৰত গড় আঠ ৰানতকৈ অধিক ৰান ব্যয় কৰিছে৷ মহম্মদ ছামিয়ে ৪ অভাৰত ৫৩ আৰু ছার্দুল ঠাকুৰে তিনি অভাৰত ৪৪ ৰান ব্যয় কৰাত ভাৰতে ২০৪ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ ল’বলগীয়া হৈছিল৷ দলটোৱে আজি বলিঙত শুধৰণিৰ লক্ষ্যৰে কিছু সালসলনি ঘটাই খেলপথাৰত নমাৰ পূর্ণ সম্ভাৱনা আছে৷ বিশেষকৈ ছার্দুল ঠাকুৰৰ স্থানত নৱদীপ ছাইনী আৰু য়ুজবেন্দ্র ছাহালৰ স্থানত কুলদীপ যাদৱে দ্বিতীয় টি–২০ত সুযোগ পাব পাৰে৷
আনহাতে, শ্রেয়াছ আয়াৰ, মনীষ পাণ্ডেই ফর্ম উদ্ধাৰৰ পাছত ভাৰতীয় দলৰ বেটিঙত সালসলনিৰ কোনো সম্ভাৱনা নাই৷ মুম্বাইৰ উদীয়মান বেটছমেন শ্রেয়াছ আয়াৰে প্রথম টি–২০ত মাত্র ২৯ বলৰ সন্মুখীন হৈ ৫৮ ৰানৰ আকর্ষণীয় ইনিংছ খেলি টীম ইণ্ডিয়াৰ চাৰি নম্বৰ স্থান একপ্রকাৰ নিগাজি কৰিবলৈ সক্ষম হৈছে৷ মনীষ পাণ্ডেয়েও উপযোগী বেটিঙেৰে দলৰ জয়ত বৰঙণি যোগাইছে৷ নতুনকৈ উইকেটৰক্ষকৰ দায়িত্ব পালন কৰা প্রতিভাৱান অ’পেনাৰ লোকেশ ৰাহুল ইতিমধ্যে দুর্দান্ত ফর্মত আছে৷
ইয়াৰ বিপৰীতে কেন উইলিয়ামছন নেতৃত্বাধীন ঘৰুৱা দলটোৱে প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি দ্বিতীয় টি–২০ত অৱতীর্ণ হ’ব৷ ৫খন মেচৰ শৃংখলাটোত নিজকে জীয়াই ৰাখিবলৈ দলটোৱে মেচখনত বলিঙত উন্নত প্রদর্শন দাঙি ধৰাটো প্রয়োজন হ’ব৷ ভাৰতীয় বেটছমেনক বান্ধি ৰাখিবলৈ দলটোৰ বলাৰসকল পুনৰ অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব৷
খেলৰ সময়ঃ দুপৰীয়া ১২.২০ বজা